ডিজিটেল ডেস্কঃ আজি দিনত সকলো সংবাদ মাধ্যমে কৈ আছে যে আজমলক ইডিয়ে ৬ ঘন্টা জেৰা কৰিছে। এই কথা সম্পূৰ্ণ মিছা। ইয়াৰ কোনো ভিত্তি নাই- শেহতীয়াকৈ সাংসদ বদৰুদ্দিন আজমলে এনেদৰেই স্পষ্ট কৰিলে তেওঁৰ ঘৰত ইডিয়ে জেৰা চলোৱা খবৰক লৈ। উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে এই সন্দৰ্ভত এক খবৰ প্ৰকাশ পোৱাৰ পাছত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল।
আজমলৰ বাসগৃহত ইডিৰ দিনযোৰা অভিযানৰ খবৰক মিছা আখ্যা দি আজমলে কয়- খবৰ প্ৰচাৰ হৈছে যে ৩ দিন ধৰি অভিযান চলি আছে মোৰ বাসগৃহত। কিন্তু এয়া মিছা। মই ব্যৱসায়ৰ বাবে বেংগালুৰত আছো। আজি পুৱা ১১ বজাত মই আহি পাই আত্মীয় চিকিৎসাধীন হৈ থকা বাবে খবৰ লবলৈ হস্পাতালত গৈছো। তাৰ পাছত অলপ জিৰণি লৈ সদনলৈ গৈছো।
উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ বিভিন্ন নেতা, মন্ত্ৰীৰ বিৰুদ্ধে ইডিয়ে অভিযান চলোৱা সময়ত আজমলৰ বিৰুদ্ধেও ইডি অভিযান চলিব পাৰে বুলি অনুমান কৰা হৈছিল।