ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান নহয়, মই বাদশ্বাহ- শেহতীয়াকৈ পাঠান বিৰ্তকৰ সৈতে নিজক সাঙুৰি ল’লে সাংসদ বদৰুদ্দিন আজমলে। পাঠানৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত নিজকে বাদশ্বাহ বুলি কলে আজমে। তেও কেনেকৈ ৰিয়েল বাদশ্বাহ সেই কথাও বৰ্ণনা কৰিলে।
আজমলৰ মতে, তেওঁহে আচঁল বাদশ্বাহ। তেওঁ হেনো ধুবুৰীৰ ৰিয়েল বাদশ্বাহ আছিল আৰু হৈ থাকিব। এইবাৰ তেওঁ ৰজা হব বুলিও কলে। আগন্তুক লোকসভা নিৰ্বাচন আৰু পাঠানক একাকাৰ কৰি চতুৰ আজমলে ধুবুৰী যে তেওঁ পুণৰ দখল কৰিব সেই ইংগিত দিলে।
শ্বাহৰুখৰ সন্দৰ্ভত সাংসদগৰাকীয়ে কয়- তেওঁ কেমেৰাৰ বাদশ্বাহ, মইহে আচঁল বাদশ্বাহ।