1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:33 am

৯০লাখ টকীয়া ৰাস্তাৰ নাই অস্তিত্বঃ দুৰ্নীতিৰ বোকাৰ পৰা কেনেকৈ ওলাব সাংসদ অজিত কুমাৰ ভূঞা…

  • Update Time : Sunday, February 12, 2023

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈ চৰকাৰক সমালোচনা কৰা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমানৰ সাংসদ অজিত কুমাৰ ভূঞা এতিয়া নিজেই দুৰ্নীতিৰ বোকাৰে লুটুৰি-পুটুৰি হৈ পৰিছে।  সাংসদ পুজিঁৰ ধন অপব্যৱহাৰক লৈ মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে আৰম্ভ কৰা তদন্তত বহু তথ্য পোহৰলৈ আহিছে।

ৰঙিয়াত চি এম ভিজিলেন্সে চলোৱা তদন্তত পোহৰলৈ আহিছে যে, সাংসদ পুজিঁৰে নিৰ্মাণ কৰা এটা পথৰ কোনো অস্তিত্বই নাই। ৯০লাখটকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পথটোৰ কোনো চিনচাবেই বিচাৰি পোৱা নাই তদন্তকাৰী দলটোৱে। ইফালে অজিত কুমাৰ ভূঞাৰ এনে কাণ্ডক লৈ ৰাজনৈতিক মহলৰ লগতে বৌদ্ধিক মহলতো চৰ্চা হৈছে।

ইফালে এই অভিযোগক নস্য়াত কৰিছে সাংসদ ভূঞাই। তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে বুলি কৈ মুখ্যমন্ত্ৰী আক্ৰোশমূলকভাৱে এই তদন্ত কৰোৱাইছে বুলি মত প্ৰকাশ কৰিছে। সেয়া যি কি নহলেও, তদন্ত শেষ হলে সকলো তথ্য পোহৰলৈ আহিব বুলি শাসকপক্ষৰ নেতাসকলে মন্তব্য কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme