ডিজিটেল ডেস্কঃ মানুহৰ দাঢ়িৰ পৰা এটা সুন্দৰ কোট নিৰ্মাণ কৰি সমগ্ৰ বিশ্ববাসীকে চমকিত কৰি তুলিছে অষ্ট্ৰেলিয়াই৷ এতিয়ালৈকে আপুনি হয়তো জন্তুৰ চাল নাইবা কাপোৰেৰে কোট চিলোৱা কথা শুনি আহিছে, কিন্তু শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এটা প্ৰতিষ্ঠানে মানুহৰ দাঢ়িৰে প্ৰস্তুত কৰিছে এটা আটকধুনীয়া কোট৷ Politix Menswear নামৰ কাপোৰ নিৰ্মাতা প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা এই কোটটোক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা৷
উল্লেখ কৰা প্ৰয়োজন যে, অষ্ট্ৰেলিয়াৰ এক বিশেষ ইভেন্টত মুকলি কৰা হৈছে বিশেষ কোটতো৷ এই ইভেন্টখনি প্ৰতিবছৰে নৱেম্বৰ মাহত অনুষ্ঠিত হয়৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক খবৰ অনুসৰি সমগ্ৰ বিশ্ব ভিন্ন প্ৰান্তৰ পৰা দাঢ়িসমূহ সংগ্ৰহ কৰি এই কোটটো প্ৰস্তুত কৰা হৈছে৷ পুৰুষৰ হবলগীয়া বিভিন্ন গুৰুতৰ ৰোগৰ প্ৰতি সচেতনতা বৃদ্ধিৰ উদ্দেশ্য এই ইভেন্টখনিৰ আয়োজন কৰা হয়৷