ডিজিটেল ডেস্কঃ বিজেপিৰ প্ৰশান্ত ফুকনৰ পাছত এইবাৰ এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিস্ফোৰণ। অচিৰেই কংগ্ৰেছৰ ৬ৰ পৰা ৭জন বিধায়কে AIUDFত যোগদান কৰিব বুলি মন্তব্য ৰাখি বিধায়কগৰাকীয়ে কয়- ৰাতিৰ আন্ধাৰত কংগ্ৰেছ বিধায়কৰ সৈতে আমাৰ ইলু-ইলু চলি আছে। সকলো কথা বতৰা মিলিলে ৬-৭জন বিধায়কে যোগদান কৰিব আমাৰ দলত।
উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনেও কিছুদিনৰ পূৰ্বে কংগ্ৰেছৰ ৮গৰাকী বিধায়কে বিজেপিত যোগদান কৰিব বুলি সদৰি কৰিছিল। অচিৰেই এক বৃহত যোগদান কাৰ্যসূচী অনুষ্ঠিত হব বুলিও কৈছিল বিধায়ক ফুকনে।
ইফালে এই বক্তব্যৰ পাছতে কংগ্ৰেছে এই দাবী অমূলক বুলি দাবী কৰিছিল যদিও প্ৰশান্ত ফুকনে সেয়া সময়ত দেখা যাব বুলি সদৰি কৰিছিল।