ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই কোটি কোটি টকাৰ ব্যৱসায় কৰিছে প্ৰভাস অভিনীত ছবি আদিপুৰুষে। ওম ৰাউটে পৰিচালনা কৰা ছবিখন অহা ১৬জুনত সমগ্ৰ দেশৰ লগতে বিদেশতো মুক্তি দিয়া হব যদিও ছবিখনক লৈ চৰ্চা বহুদিনৰে পৰাই আৰম্ভ হৈছে। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰৰ পুৱা লৈকে ছবিখনৰ ৪০হাজাৰৰো অধিক অগ্ৰিম টিকট বিক্ৰী বুকিং কৰিছে দৰ্শকে।
উল্লেখ কৰা প্ৰয়োজন যে, ভুষণ কুমাৰৰ দ্বাৰা প্ৰযোজিত ছবিখনে ইতিমধ্যে অ টি টি আৰু টিভি প্লেটফৰ্মৰ পৰা পৰা ২১০কোটিৰো অধিক টকা উপাৰ্জন কৰিছে। ছবিখনৰ ৰাইটৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ ফলত এই ধনৰাশি লাভ কৰিছে ছবিখনে। ইফালে ছবিখনৰ প্ৰতি দৰ্শকৰ ইমানই সহাৰি যে, কিছু কিছু ছবিগৃহত অগ্ৰিম টিকট মাজনিশালৈকে বিক্ৰী কৰি শেষত বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
ৰামৰ জীৱনৰ পটভূমিত নিৰ্মাণ কৰা ছবিখনত ৰাৱনৰ চৰিত্ৰত দেখা যাব চৈয়ফ আলী খানৰ লগতে সীতাৰ চৰিত্ৰত কীৰ্তি সোননক দেখা যাব। ছবিখনৰ বাজেট ৫০০কোটিৰো অধিক বুলি জানিব পৰা গৈছে।