1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:02 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আদানীয়ে সকলোকে ডুবাব নেকিঃ LIC আৰু SBIত টকা জমা কৰা সকলৰ বাজিছে বিপদঘন্টা…

  • Update Time : Monday, January 30, 2023

ডিজিটেল ডেস্কঃ কেৱল লোকচান আৰু লোকাচান। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ দ্বিতীয় ধনী আৰু ভাৰতৰ প্ৰথম ধনী ব্যক্তিৰ আসনত অধিষ্ঠিত হোৱা গৌতম আদানীৰ ধন হোৰাহোৰে কমিছে। আজিকে (৩০জানুৱাৰী)  ধৰি ২৫ জানুৱাৰীৰ পিছত গৌতম আদানিৰ ৭ টা কোম্পানীৰ চেয়াৰ মাৰ্কেটত লোকচানৰ পৰিমাণ হলগৈ ৬৫ আৰৱ ডলাৰ অৰ্থাৎ ৫ লাখ ৩০ হেজাৰ কোটি টকা | আজিৰ দিনটোত লোকচান ১ লাখ ১০ হেজাৰ কোটি টকা | যোৱা সপ্তাহত গ্ৰুপটোৰ মুঠ লোকচানৰ পৰিমাণ আছিল ৪ লাখ ২০ হাজাৰ কোটি টকা |

এনে পৰিস্থিতিত এতিয়া আদানীৰ সংগ এৰিছে বহুতে। ইফালে যি সকলে এল আই চি(LIC) আৰু এছ বি আই(SBI)ত টকা জমা কৰিছিল সেইলোক সকলৰ বাবে বাজিছে বিপদঘন্টা। আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাসৰ লগে লগে এল আই চি আৰু এছ বি আইও বিপদৰ সন্মুখীন হৈছে। কিয়নো আদানী গ্ৰুপত এলআইচিআইয়ে বিনিয়োগ কৰিছিল ৭০ হাজাৰৰো অধিক টকা আৰু এছ বি আই য়ে বিনিয়োগ কৰিছিল হাজাৰ হাজাৰ কোটি টকা। এছ বি আইয়ে জমা ৰাশিৰ প্ৰায় ৪০ শতাংশ ঋণ প্ৰদান কৰিছিল আদানীক।

উল্লেখ কৰা প্ৰয়োজন যে, ২৭ জানুৱাৰী ২০২৩ ত আদানি গ্ৰুপৰ শ্বেয়াৰৰ সৈতে এল.আই.চি.-ৰ সংযুক্ত বিনিয়োগ ৬২,৬২১ কোটি টকালৈ হ্ৰাস পায়। ২৪ জানুৱাৰী, ২০২৩ তাৰিখে ইয়াৰ পৰিমাণ আছিল ৮১,২৬৮ কোটি টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme