1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:22 am

AC অন কৰি গাড়ীৰ ভিতৰতে শুই থকা অৱস্থাত মৃত্যু ৩৬ বছৰীয়া চালকৰ!

  • Update Time : Wednesday, June 19, 2024

সোমবাৰে পুৱা প্ৰহ্লাদ গড়ীৰ ট্ৰেফিক চিগনেলৰ সমীপত নিজৰ গাড়ীত মৃত অৱস্থাত উদ্ধাৰ হয় এজন ৩৬ বছৰীয়া চালক৷ চালকজনৰ নাম কল্লু ডুবে আৰু তেওঁ আছিল চাহিবাবাদৰ বাসিন্দা। আৰক্ষীয়ে সন্দেহ কৰিছে যে কল্লুৱে গাড়ী চলাওঁতে এচি অন কৰি সুৰা সেৱন কৰিছিল আৰু টোপনি গৈছিল। তেওঁৰ ৱেগনআৰ গাড়ীখনৰ পেট্ৰ’ল শেষ হৈ গৈছে আৰু এচিটো নিশ্চয় স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গৈছে। গাড়ীখনত চিএনজিৰ বিকল্পও আছিল যদিও মদ্যপান কৰি চাগে কল্লুৱে উঠি ষ্টাৰ্ট কৰিব নোৱাৰি শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে। কল্লুৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে যাতে প্ৰকৃত কাৰণ জানিব পৰা যায়। কল্লুৰ স্বত্বাধিকাৰী অমলেশ পাণ্ডেই আৰক্ষীক জনোৱা মতে, কেইবাবাৰো টোকৰ মাৰিও গাড়ীৰ দুৱাৰ খুলিব নোৱাৰিলে, সেয়েহে তেওঁ আৰক্ষীক খবৰ দিয়ে। বৰ্তমান কল্লুৰ মৃতদেহটো তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে। কল্লু আছিল এখন টেক্সি চাৰ্ভিচৰ চালক। তেওঁৰ মালিক অমলেশ পাণ্ডেই কয়, “মই ৰাতিপুৱা ৭ বজাৰ পৰা তেওঁক ফোন কৰি আছিলো কাৰণ মই এজন গ্ৰাহকৰ পৰা সম্পূৰ্ণ দিনৰ বুকিং পাইছিলোঁ। যেতিয়া কল্লুৱে ফোনটো লোৱা নাছিল, তেতিয়া মই বুকিং বাতিল কৰিবলগীয়া হৈছিল।” অমলেশে কয়, “মই তেওঁ গাড়ী ৰখাই দিয়া সুৰাৰ দোকানখনৰ ওচৰ পালোঁ। কল্লু গাড়ীৰ ভিতৰত আছিল আৰু শুই থকা যেন লাগিল। গাড়ীৰ খিৰিকীত কেইবাবাৰো টোকৰ মাৰিলোঁ, কিন্তু তেওঁ সাৰ নাপালে। মইও তেওঁক ফোন কৰিলোঁ।” কিন্তু কোনো সঁহাৰি নাপালো।” এই কথা বৰ্ণনা কৰি অমলেশ পাণ্ডেই আৰু কয়, “গাড়ীখনৰ গ্লাছ আৰক্ষী অহাৰ পিছতহে ভাঙিছিল। তাৰ পিছত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ গৈছিলো, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। ” অমলেশ পাণ্ডেয়ে কয়, “যোৱা তিনি বছৰ ধৰি কল্লুৱে মোৰ বাবে কাম কৰি আছিল। চলিত বৰ্ষৰ মে’ মাহত শাহুৱেকৰ মৃত্যুৰ পিছত তেওঁ নিজৰ গৃহ চহৰ হমিৰপুৰলৈ গৈছিল। পাঁচ দিন আগতে তাৰ পৰা উভতি আহি কাম আৰম্ভ কৰিছিল। “আঠ বছৰ আগতে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল আৰু তেওঁৰ এটা ছবছৰীয়া পুত্ৰ আছিল।”

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme