ডিজিটেল ডেস্কঃ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰদীপ চেত্ৰীয়ে এক প্ৰেছ বিবৃতিত জনাই যে, জয়ানগৰ তিনিআলিৰ পৰা ৬ নং তিনিআলি সংযোগী দুলীয়াজান মহাবিদ্যালয়ৰ মূল পথচোৱা অইল ইণ্ডিয়া লিমিটেডে নিজা তেল পৰিবহী পাইপলাইন মেৰামতিৰ বাবে সম্পূৰ্ণৰূপে খান্দি দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত পেলাই থৈছে। দীৰ্ঘদিন ধৰি পেলাই থোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক আৰু স্থানীয় লোকসকলেও বাৰিষাত জীয়াতু ভুগিব লগা হৈছে।
বিভিন্ন সময়ত মহাবিদ্যালয়লৈ অহা শিক্ষাৰ্থীসকলো পথৰ দুৰাৱস্থাৰ বাবেই দুৰ্ঘটনাত পতিত হৈছে। মাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ দুলীয়াজান মহাবিদ্যালয়খনৰ প্ৰতি থকা আমনুযোগিতাৰেই নিদৰ্শন বুলি ক্ষোভ উজাৰিছে আছুৱে।
দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডক শুকুৰবাৰে স্মাৰক পত্ৰৰ যোগেদি ১ জুন ২০২২ তাৰিখৰ ভিতৰত জৰাজীৰ্ণ হৈ থকা পথছোৱা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি দিবলৈ দাবী জনাই৷ যদিহে অহা ইং ২৩ মে ২০২২ তাৰিখৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডে উক্ত পত্ৰ খনৰ প্ৰতি সঁহাৰি জনাই নিৰ্মাণৰ ব্যৱস্থা নকৰে তেন্তে স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰ সমাজক লগত লৈ দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাই অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দাঙি ধৰিছে।