ডিজিটেল ডেস্কঃ ভাগ্য কেতিয়া সলনি হয় কোনেও নাজানে। কোন কেতিয়া কোটিপতি হয় আৰু কোন কেতিয়া কোটিপতিৰ পৰা ভিক্ষাৰীত পৰিণত হয় সেই কথা কোনেও নাজানে। তেনে এটা ঘটনাই শেহতীয়াকৈ সংঘটিত হল। খেতিপথাৰলৈ গৈ এগৰাকী খেতিয়কে হেৰাই পালে এটুকুৰা বিশেষ শিল। আজৱ এই শিলটুকুৰা দেখি ঘৰলৈ আনি কেইবাজনো লোকক দেখুওৱাত পোহৰলৈ আহিল যে এই শিলটুকুৰাৰ মূল্য কেইবাকোটি টকা।
শেহতীয়াকৈ পৰীক্ষা কৰি গম পোৱা গৈছে যে, উক্ত শিলটুকুৰা উক্লাপিণ্ডৰ পৰা খহি অহা এটা অংশ। এই শিলটুকুৰা খেতিয়কগৰাকীয়ে ১কোটিৰো অধিক টকাত বিক্ৰী কৰিছে। ৩৮বছৰীয়া এই ভাগ্যৱান খেতিয়ক গৰাকী হৈছে Wrexhamৰ নিৱাসী। টনী হ্বিল্ডিং নামৰ খেতিয়ক গৰাকীৰ মতে, তেওঁ খেতিপথাৰত এটা বলৰ দৰে এটুকুৰা শিল প্ৰত্যক্ষ কৰিছিল। আৰু পাছত ধাতুৰ দৰে এই শিলটুকুৰা বিভিন্নজনক দেখাইছিল। প্ৰায় ১৮মাহৰ মূৰতহে গম পাইছিল যে, এই শিলটুকুৰা অতিকৈ অতি মূল্যৱান পৰ্দাথ।