1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:58 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

অমিতাৰ সৈতে এই কেইবিধ খাদ্য খালে ঘটিব পাৰে স্বাস্থ্যৰ অৱণতি

  • Update Time : Tuesday, October 15, 2024

অমিতা হৈছে বিভিন্ন গুণেৰে ভৰা এবিধ সুস্বাদু আৰু মিঠা ফল। আচলতে পকা অমিতায়ে হজম শক্তি বৃদ্ধি, শক্তি বৃদ্ধি আৰু যকৃতক সুস্থ কৰি তোলাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। কিন্তু বহু সময়ত অমিতা খোৱাৰ পিছত মানুহে অসুস্থ অনুভৱ কৰিবলৈ ধৰে। অৱশ্যে ইয়াৰ কাৰণ অমিতা খোৱাৰ ফলত এলাৰ্জী হ’ব পাৰে। কিন্তু সাধাৰণতে এই কেইবিধ খাদ্যৰ লগত বা তাৰ লগে লগে খালে এনে হ’ব পাৰে।

গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ লগত অমিতা খোৱাৰ পৰা বিৰত থাকিব লাগে। অমিতাত এনজাইম থাকে, যিয়ে গাখীৰৰ প্ৰটিন ভাঙি পেলোৱাত সহায় কৰে। কিন্তু একেলগে খালে গেছ, পেটৰ বিষ, ডায়েৰিয়া আদি পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে অমিতা খোৱাৰ পিছত কমেও দুঘণ্টাৰ বাবে গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী খোৱাৰ পৰা আঁতৰি থাকিব লাগে।

অমিতা লগত চিপচজাতীয় খাদ্য আৰু ফাষ্ট ফুড খাব নালাগে। এই খাদ্যত ছডিয়াম, চেনি আৰু বহুতো ৰাসায়নিক পদাৰ্থ থাকে, যাৰ ফলত অমিতাৰ গুণাগুণ হ্ৰাস পাব পাৰে। ইয়াৰ বাহিৰেও একেলগে খালে শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি হোৱাৰ আশংকা থাকে।

কেঁচা শাক-পাচলি বিশেষকৈ কবি, মূলা আৰু তিয়হ অমিতাৰ লগত খাব নালাগে। অমিতা গৰম ফল, আনহাতে এই কেঁচা শাকবোৰ ঠাণ্ডা প্ৰকৃতিৰ। দুয়োটাৰে সংমিশ্ৰণে শৰীৰৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। অমিতা খোৱাৰ অন্ততঃ এঘণ্টা পিছত কেঁচা শাক খোৱা ভাল।

টেঙা ফল যেনে নেমু, কমলা আৰু আনাৰস অমিতাৰ লগত খোৱাটো পৰিহাৰ কৰিব লাগে। এই ফলবোৰত অধিক পৰিমাণে এচিড থাকে, যিটো অমিতাত থকা এনজাইমৰ সৈতে মিহলি হ’লে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইবোৰ একেলগে খালে আপুনি বদহজম, জ্বলা-পোৰা আৰু পেটৰ বিষত ভুগিব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme