আজিকালি বহু সংখ্যক লোকৰে হাতত সময়ৰ অভাৱ। কাৰণ যদি সুধা, সেয়া হ’ব কামৰ বোজা। সময়ৰ অভাৱত বাঢ়ি গৈছে সম্পৰ্কৰ দুৰত্ব। কৰ্ম ব্যস্ততা আৰু সময়ৰ অভাৱ এতিয়া এটা মুদ্ৰাৰে ইপিঠি- সিপিঠি। আজিকালি যেন কাৰোৰে হাতত সময় নাই। পৰিয়াল, আত্মীয়সকলৰ খা-খবৰ ল’বলৈও যেন সময়ৰ অভাৱ। কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থকা জনৰো মাক- দেউতাকৰ সৈতে এসাঁজ খাবলৈ সময় নাই, মনৰ কথা পাতিবলৈও প্ৰিয়জনৰ সময়ৰ নাটনি৷ দিন গুচি মাহ হ’ল, মাহ গুচি বছৰ তথাপি যেন আহৰি নাই আপোনাজনৰ খবৰ লবলৈ৷ সঁচাই বাৰু আমাৰ হাতত সময় নাইকিয়া হৈছেনে? নে কোনো প্ৰতিযোগিতাই আমাক হেঁচা মাৰি ধৰিছে? মই তেওঁতকৈ অধিক টকা উপাৰ্জন কৰিব লাগিব, মই তেওঁতকৈ বেছি কাম কৰিম, তেওঁতকৈ মই বচৰ সম্মুখত ভাল হৈ থাকিব লাগিব৷ এই প্ৰতিযোগিতাৰ ফলত ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰসকলৰ মন-মগজুত ব্যাপক হাৰত বৃদ্ধি পাইছে কামৰ চাপ। ভিৰৰ মাজত জিলিকি থকাৰ বাসনাই চাৰিওফালে গা কৰি উঠিছে প্ৰতিযোগিতা আৰু প্ৰতিযোগিতা৷ যাৰ বাবে নিজৰ মাক দেউতাকৰ, প্ৰিয়জনৰ খবৰ লবলৈও সময় নোপোৱা হ’ল৷ কামৰ পৰা আজৰি হৈ যদি ক্ষন্তেক সময় পায়ো তেন্তে সেই সময় নিজৰ মোবাইলতোৰ সৈতে সময় কটাই যাৰ বাবে নিজৰ আত্মীয়ৰ খবৰ ল’বলৈও নাপাই আহৰি৷