ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰলৈ কৰোনাত আক্ৰান্ত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত। শেহতীয়াকৈ আৰটি-পিচিআৰ টেষ্ট মহন্তৰ ৰিজাল্ট আহিছে পজিটিভ। জি এম চি এইচ কৰ্তৃপক্ষই শেহতীয়াকৈ আনুষ্ঠানিকভাৱে সদৰি কৰিছে এই তথ্য। ইয়াৰ পূৰ্বেও ২০২০চনৰ ২৫ আগষ্টত প্ৰফুল্ল কুমাৰ মহন্ত আক্ৰান্ত হৈছিল কোৰোনাত।
ইফালে ৰাজ্যতো বিগত ২৪ঘন্টাত অসমত কৰোনাত আক্ৰান্ত হৈছে ১৯৫১গৰাকী লোক। আজিৰ দিনটোত ১৯হাজাৰ ৮০৩গৰাকী লোকক কৰা হৈছে কৰোনা টেষ্ট। আজিৰ দিনটোত কামৰূম মেট্ৰত ৪২২গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে।