আপোনাৰ জীৱনত এনে কিছুমান মানুহ আছে যিবোৰ মানুহ আপোনাৰ জীৱনত থকা নথকাৰ কোনো অৰ্থই নাই।
এনে মানুহবোৰে আপোনাৰ ভাল কৰা সলনি বেয়াহে কৰে। কোনবোৰ মানুহক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিব
জানি লওঁক।
. যিবোৰ মানুহে আপোনাক কথাই কথাই ঠাট্টা কৰে।
. যিবোৰ মানুহে আপোনাক প্ৰেৰণা দিয়াৰ সলনি নিগেটিভ কথাৰে বাধা দিব বিচাৰে তেনে মানুহৰ পৰা আঁতৰি থাকক।
. যিবোৰ মানুহে আনৰ সমালোচনা কৰে তেনে মানুহৰ পৰা আঁতৰি থাকক। মনত ৰাখিব যি মানুহে আপোনাৰ সম্মুখত
আনক অপমান কৰে সেই লোকে আনৰ আগত আপোনাৰো অপমান কৰিব।
. যি লোকে যিকোনো উপায়েৰে হ’লেও নিজক শুদ্ধ প্ৰমাণ কৰিব বিচাৰে বা যিকোনো বস্তু নিজৰ কৰিব বিচাৰে তেনে লোকৰ
পৰা আঁতৰি থাকক।