ডিজিটেল ডেস্কঃ আই আই টি গুৱাহাটীত এগৰাকী গৱেষক ছাত্ৰৰ মৃত্যুয়ে তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে। প্ৰায় দুদিন ধৰি গৱেষক ছাত্ৰ গৰাকীয়ে নিজৰ ৰূমৰ দৰ্জা খোলা নাছিল আৰু অৱশেষত নিৰাপত্তাৰক্ষীয়ে ৰূমৰ দৰ্জা ভাঙি ৰূমত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
প্ৰাপ্ত খবৰ অনুসৰি মৃত ছাত্ৰগৰাকীৰ নাম প্ৰশান্ত কুমাৰ আৰুখা (২৫)। ছাত্ৰগৰাকীৰ ঘৰ ওড়িশাত বুলি জানিব পৰা গৈছে। মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষক ছাত্ৰ আছিল প্ৰশান্ত কুমাৰ আৰুখা। ইতিমধ্য আমিনগাওঁ আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। ছাত্ৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ মৃতদেহ লৈ যোৱা হ’ব ওড়িশালৈ।