গৰমৰ দিনত প্রচণ্ড তাপ, ঘাম, ধূলিত ছালখন শুকান হৈ ক’লা পৰি যায়। য’ত যি পায় লগাই ছালখন আকৌ আগৰ অৱস্থালৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়ো বিফল হোৱা হয়। ছালখনৰ অৱস্থা ভাল হোৱাতকৈ অধিক বেয়াহে হয়। গৰমৰ দিনত ছালখন সুস্থ, সৱল ৰাখিবলৈ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ ইয়াৰ কাৰণে আমি মাথো কেইটামান কথা মনত ৰাখিব লাগিব। ছাল আৰু স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত সূৰ্যৰ ৰশ্মি বহুত উপযোগী।
গা ধোৱাৰ সময়ত পানীখিনিত দুই চামুচ গোলাপ জল, দুই চামুচ ছিগনেচাৰ টনিক মিহলাই ল’ব। গ্লিচাৰিনযুক্ত চাবোনেৰে গা ঘঁহি, এই পানীৰে ধুব।
মুখত পাতলকৈ ফাউণ্ডেচন লগাব পাৰে। ফাউণ্ডেচনত গ্লিচাৰিন পানী আৰু প্রকৃতিক মাটি থাকে, গতিকে হানিকাৰক নহয়। ৰ’দৰ ৰশ্মিৰ বাবে ৰক্ত সঞ্চালন ভাল হয়, গতিকে ৰ’দ বেয়া নহয়।
সকলোৱে ক’লেও ছান স্ত্রীন লোচন নলগাব। ছান স্ত্ৰীনত যথেষ্ট পৰিমাণৰ ৰাসায়নিক দ্রব্য থাকে। ফলত ছাল বেয়া হোৱাৰ সম্ভাৱনা বেছি।
দুপৰীয়া বাহিৰত ওলাব লগা হ’লে ছাতি ব্যৱহাৰ কৰিব। পুৰুষে টুপী পিন্ধিব পাৰে। মহিলাসকলে আঁচল-কপাহী কাপোৰ আদিৰে মুৰ-মুখ ঢাকি ওলাব লাগে৷
মুখত বেচন, হালধী, মৌ মিহলাই পেষ্ট লগাব৷