পাৰফিউম আমাৰ সকলোৰে প্ৰিয়। বহু লোকৰে ভিন্ন ভিন্ন গোন্ধৰ পাৰউিউম ব্যৱহাৰ কৰাৰ চখ থাকে। বিশেষকৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে আমি হয়তো সকলোয়ে শৰীৰত পাৰফিউম ব্যৱহাৰ কৰো।
কিছুমানে আকৌ নিজৰ লগতে তেওঁলোকৰ সন্তানৰ শৰীৰতো পাৰফিউম লগাই দিয়ে। কিন্তু মনত ৰাখিব শিশুৰ বাবে খুবেই হানিকাৰক পাৰফিউম।
. পাৰফিউমত থকা ৰাসায়নিক পদাৰ্থৰ ফলত শিশুৰ এলাৰ্জীৰ সমস্যা হয়।
. পাৰফিউম প্ৰয়োগ কৰিলে ছালত খজুৱতি, ফুলা আদি সমস্যা হ’ব পাৰে।
. পাৰফিউমৰ সুবাসত ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শিশুৰ সংবেদনশীল ছালত জ্বলা-পোৰা কৰিব পাৰে।
যাৰ ফলত শিশুৰ ছালত ৰঙা পৰা, দাগ বা খজুৱতিৰ দৰে সমস্যা হ’ব পাৰে।