পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতে ১০ মিনিটৰ ভিতৰতে ২টা পদক লাভ কৰিছে। এফালে তুলসীমাটি মুৰুগেছানে বেডমিণ্টনত ৰূপৰ পদক লাভ কৰি সন্তুষ্ট হ’ব লগা হৈছিল। মহিলা একক SU5 শাখাৰ ফাইনেলত চীনৰ এথলীট ইয়াং কিক্সিয়াৰ হাতত ২১-১৭, ২১-১০ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। আনহাতে, একেটা শাখাতে মনীষা ৰামদাসে ডেনমাৰ্কৰ কেথেৰিনক ২১-১২, ২১-৮ গ’লত সহজে পৰাস্ত কৰিছে।
প্ৰথম ৰাউণ্ডৰ খেলৰ পৰা ছেমি ফাইনেললৈকে মুৰুগাশানে এটাও ছেট হেৰুৱাব পৰা নাছিল। এতিয়ালৈকে তেওঁ তিনিওজন প্ৰতিদ্বন্দ্বীক আধিপত্য বিস্তাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু খিতাপৰ মেচখনত চীনৰ খেলুৱৈগৰাকীৰ হাতত ২১-১৭, ২১-১০ গ’লত ষ্ট্ৰেইট ছেটত পৰাস্ত হয়। আনহাতে, মনীষাই নিজৰ উজ্জ্বল যাত্ৰা অব্যাহত ৰাখি ফাইনেলত একপক্ষীয় জয় পঞ্জীয়ন কৰি ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।
এদিনতে বেডমিণ্টনত ৩টা পদক
ভাৰতৰ পদকৰ সংখ্যা এতিয়া ১১টা হৈছেগৈ। মুৰুগেছন আৰু মনীষাৰ কিছু সময়ৰ পূৰ্বে নীতিশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ একক এছ এল ৩ শাখাত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল। আজি নিজেই অৰ্থাৎ ২ ছেপ্টেম্বৰত পুৰুষৰ একক এছ এল ৩ শাখাৰ ফাইনেলত গ্ৰেট ব্রিটেইনৰ ডেনিয়েল বেটলীক ২১-১৪, ১৮-২১, ২৩-২১ গ’লত পৰাস্ত কৰি নীতিশ কুমাৰে সোণৰ পদক লাভ কৰিছিল৷ ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত ভাৰতৰ এইটোৱেই আছিল সামগ্ৰিকভাৱে দ্বিতীয়টো স্বৰ্ণ পদক।
পদক টেবুলৰ অৱস্থা কেনেকুৱা?
পেৰিছ পেৰালিম্পিকৰ পঞ্চম দিনত এতিয়ালৈকে ভাৰতে তিনিটা পদক লাভ কৰিছে। নীতিশ কুমাৰ, তুলসীমাটি ৰামদাস আৰু মনীষা ৰামদাস, তিনিওজনে বেডমিণ্টনত ক্ৰমে স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ লগে লগে ভাৰতে এতিয়া ২টা সোণ, ৪টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১১টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া পদক তালিকাত ২২ নম্বৰ স্থানলৈ আহিছে ভাৰত।