ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়, গুঞ্জৰিত হয় হৰিনামৰ ধ্বনি। জনশ্ৰুতি অনুসৰি ১৫২৮ চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি আজি পৰ্যন্ত ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি প্ৰদান কৰিছে। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙনি আগবঢ়ায় আৰু পৰিচালনা সমিটিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে।
নামঘৰৰ মূল খুঁটাটো শাল গছৰে নিৰ্মিত। জনবিশ্বাস অনুসৰি, এদিন ৰাতি ইয়াৰ ভকত এজনে সপোনত দেখিলে যে, বৰনামঘৰৰ কাষেৰে বৈ যোৱা নৈখন (ঢেকীয়াখোৱা জান নামেৰে জনা যায়) সুঁতিৰ বিপৰীতে বৈ গৈছে আৰু বৰনামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শাল গছ উটুৱাই লৈ আহিছে। পিছদিনাখন যেতিয়া লোকসকলে সপোনটো বাস্তৱিত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰনামঘৰৰ মূল খুঁটাকেইটা শাল গছেৰে নিৰ্মাণ কৰিলে।
প্ৰবাদ অনুসৰি ”
বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজাত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়।
ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পৰৱৰ্তী সময়ত ৰজাৰ বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে। বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ
ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে। ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে
নিজেই নাখায় মাধৱদেৱক খুৱাইছিল। আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে।
ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে। যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে।
তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়।”
মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া-বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ-বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে। এসময়ত কাঠ-বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটকধুনীয়া ঢেকীয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয়।