ICC-ৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ যোৱা ৩০ নৱেম্বৰত কাৰ্যকাল শেষ হোৱাৰ পিছতেই মঙলবাৰে আনুষ্ঠানিকভাৱে অধ্যক্ষগৰাকীয়ে নিজৰ তৃতীয়টো কাৰ্যকাল সমাপ্ত কৰে। ICC-ৰ অধ্যক্ষগৰাকীৰ ICC-ৰ পৰা আনুষ্ঠানিক বিদায়ৰ পিচতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। খবৰ অনুসৰি, BCCI-ৰ বৰ্তমানৰ সচিব জয় শ্বাহৰ নাম ICC-ৰ অধ্যক্ষ পদৰ বাবে চৰ্চা চলিছে। অৱশ্যে ICC-ৰ অধ্যক্ষৰ পদৰ বাবে জয় শ্বাহে আবেদন কৰিব নে নকৰে সেয়া ২৭ আগষ্টৰ ভিতৰত স্পষ্ট হ’ব কাৰণ ICC-ৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ অহা ২৭ আগষ্ট। ICC-ৰ অধ্যক্ষগৰাকীয়ে দুবছৰকৈ তিনিটা কাৰ্যকালৰ বাবে দায়িত্ব নিৰ্বাহ কৰে নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলেইয়ে বৰ্তমানলৈ ৪ টা বছৰ সম্পূৰ্ণ কৰিছে। ICC-ৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই ব’ৰ্ডক নিশ্চিত কৰিছে যে তেওঁ তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ নহয়। ২০২০ চনৰ নৱেম্বৰ মাহত বাৰ্কলে ICC-ৰ স্বতন্ত্ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল। ২০২২ চনত বাৰ্কলে পুনৰ এই পদত নিৰ্বাচিত হয়।