1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:33 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বুকু কঁপি যাব, যেতিয়া জানিব সেই নিশা পাষণ্ডটোৰ সৈতে কিদৰে যুঁজিছিল কলকাতা কাণ্ডৰ ভুক্তভোগীয়ে

  • Update Time : Wednesday, August 21, 2024

দেশ কঁপাই যোৱা কলকাতা কাণ্ডই সমাজৰ সকলো স্তৰৰ ব্যক্তিক ভাবিবলৈ বাধ্য কৰোৱাইছে। মানুহ কিদৰে হ’ব পাৰে ইমান বৰ্বৰ৷ তাৰমাজতেই পোহৰলৈ আহিছে সেই কালনিশা ভুক্তভোগী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ সৈতে কি হৈছিল, কিমান সাহসেৰে লম্পট, পাষণ্ডটোৰ পৰা বাচিবলৈ যুঁজিছিল ভুক্তভোগীয়ে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সম্প্ৰচাৰ হোৱা বাতৰি অনুসৰি ৮ আগষ্টত নিশা ভুক্তভোগী চিকিৎসকগৰাকীৰ সৈতে ৪ গৰাকী চিকিত্সক কৰ্মৰত অৱস্থাত আছিল। চেমিনাৰ হলত সকলোৱে একেলগে অলিম্পিকত জেভলিন থ্ৰ উপভোগ কৰি আছিল আৰু সেইসময়তে সকলোৱে বাহিৰৰ পৰা আহাৰ অৰ্ডাৰ কৰে৷
জেভলিন থ্ৰ শেষ হোৱাৰ পিছত ভুক্তভোগী যুৱতীগৰাকীক থৈ বাকীকেইজন চিকিত্সক গুচি যায়। ভুক্তভোগীৰ চেমিনাৰ হলটোতে কিতাপ এখন লৈ পঢ়ি থকা অৱস্থাত টোপনি আহিল। নিশা তেতিয়া ৩ বাজিছে। হাস্পতালখনত সেইসময়ত কৰ্তব্যৰত অৱস্থাত থকা কেইজনমান চিকিত্সকে ভুক্তভোগীক চেমিনাৰ হলতে শুই থকা অৱস্থাত দেখা পায়। তাৰ পিছতেই নিশা ৪বজাত অপৰাধী সঞ্জয় ৰায়ক হাস্পতালৰ ভিতৰলৈ সোমাই অহা দেখিবলৈ পাইছিল কেইগৰাকীমান চিকিৎসকে। সেয়াই আছিল কাল নিশাৰ আৰম্ভণি৷
ভুক্তভোগীৰ মৰোণত্তৰ পৰীক্ষাত স্পষ্টভাৱে প্ৰকাশ পাইছে যে ভুক্তভোগীৰ সৈতে অপৰাধীয়ে ধৰ্ষণ কৰাৰ পূৰ্বে কৰিছিল মাৰ-পিট। ভু্ক্তভোগীৰ দেহত পোৱা এনে বহু আঘাতৰ চিনে প্ৰমাণ কৰিছে য়ে ভুক্তভোগীগৰকীয়ে নিজকেই সেই পাষণ্ডৰ পৰা বাচিবলৈ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। টনা-আজোৰা কৰাৰ ফলত হাস্পতালৰ কাঁচ আঙি ভুক্তভোগীৰ চকুত সোমাই তেজ বৈ আহিছিল। অপৰাধীয়ে ভুক্তভোগীৰ মূৰটো কাঁচত মাৰি, মুখখন দোৱাৰত হেঁচা মাৰি ধৰিছিল যাতে ভুক্তভোগীয়ে মুখেৰে মাতিব নোৱাৰে। নিজক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল ঠিকেই কিন্তু অপৰাধীয়ে পীড়িতাৰ ডিঙিত এনেদৰে চেপি ধৰিছিল যে পীড়িতাৰ গলৰ হাড়ডাল ভাঙি গৈ মুখেৰে কাকো মাতিব নোৱাৰা অৱস্থা পৰিছিল৷ যাৰ ফলত কৰুণ মৃত্যুক আকোঁৱালি ল’বলগীয়া হয় ভুক্তভোগী চিকিৎসকগৰাকীয়ে৷ ৯ আগষ্টৰ পুৱা ৪ বজাত চেমিনাৰ হলত অভিযুক্ত সঞ্জয় ৰায় প্ৰৱেশ কৰি ৫ বজাত সকলো কু-কৰ্ম কৰি চেমিনাৰ হলৰ পৰা ওলাই গৈছিল। অভিযুক্ত সঞ্জয় ৰায়ৰ কাপোৰ, জোতা তেজেৰে লুতুৰি পুতুৰি হৈ আছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme