উভতি নাহে শ্বেৰমান! আদৰিবলৈ সাজু AIUDF…
-
Update Time :
Friday, January 21, 2022
ডিজিটেল ডেস্কঃ কংগ্ৰেছে বান্ধি দিয়া চৰ্ত মানি পুনৰ যেন দললৈ ঘূৰি নাহিব শ্বেৰমান আলীয়ে। সমষ্টিবাসীক সুধি কংগ্ৰেছৰ চূড়ান্ত সিদ্ধান্ত জনাম বুলি কলেও ভিতৰি এ আই ইউ ডি এফৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছিল এক সূত্ৰই। শেহতীয়াকৈ এই সন্দেহেই কিছু সচাঁ প্ৰমাণিত কৰি AIUDFৰ বিধায়ক ৰফিকুল ইছলামে আওপকীয়াকৈ কলে যে- সমাজৰ বাবে কাম কৰা লোকক আদৰিবলৈ সাজু AIUDF। ঠিক তেনেদৰে শ্বেৰমান আলীৰ বাবেও দুৱাৰ খোলা আছে বুলি আওপকীয়াকৈ কয় বিধায়কগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, নিজৰ মন্তব্যৰ বাবে কাৰাগাৰত থাকি অহা বিধায়কগৰাকীক কংগ্ৰেছে কিছুমান চৰ্ত বান্ধি দি পুনৰ কংগ্ৰেছত লোৱা হব বুলি ঘোষণা কৰিছিল। কিন্তু বিধায়কগৰাকীয়ে এই চৰ্তসমূহ সমষ্টিবাসীৰ ওচৰত আলোচনা কৰিহে কব পৰা যাব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল। সমষ্টিৰ ১৯টা পঞ্চায়তৰ ভিতৰত এতিয়ালৈকে ১৩টা পঞ্চায়তৰ লোকৰ সৈতে কথা পতা বুলিও সদৰি কৰিছিল বিধায়কগৰাকীয়ে। অহা ৩১জানুৱাৰীত চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছক অৱগত কৰিব শ্বেৰমান আলীয়ে।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category