নামঘৰৰ মূল গৃহটি য’ত প্ৰধানকৈ নাম-কীৰ্তন কৰা হয়, সেই ঘৰটোকে নামঘৰ বা কীৰ্তন ঘৰ বোলা হয়। ভগৱান শ্ৰীকৃষ্ণ বা হৰিৰ উপাসনাৰ অৰ্থে নাম-কীৰ্তন কৰা হয় বাবে ইয়াৰ অন্য এটা নাম হৰি মন্দিৰ। নামঘৰ পুৱা-পশ্চিমাকৈ সজা হয়। ইয়াত সাধাৰণতে তিনি,পাঁচ বা সাত আদি অসমান কোঠা বা খোটালি ৰখা হয়। খোটালিবিলাকৰ মাজত কোনো বেৰ নাথাকে। নামঘৰৰ সাতটা খোটালিক সপ্ত বৈকুণ্ঠৰ লগত তুলনা কৰা হয়। পূৰ্বতে নামঘৰ নিৰ্মাণত থলুৱাভাৱে উৎপাদিত বেত, বাঁহ, কাঠ, খেৰ আদি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা সঁজুলি বিলাক হ’ল –কুমৰ খুটা, পাৰিখুটা, বৰচ’টি, ফুলচ’টি, দমৰা বা বহিখোৱা, মাৰলি বা জাং, চাল, গুৱা, জেঠি, কামী, পানীচ’টি ইত্যাদি। নামঘৰৰ খুটা, বৰচ’টি, দমৰা আদিত সুন্দৰকৈ লতা-ফুল কাটি হেঙুল-হাইতালেৰে বোলাই ধুনীয়াকৈ সজোৱা হয়। নামঘৰৰ প্ৰথম কোঠাৰ প্ৰথম খুটাযোৰ এৰি প্ৰথম দ্বিতীয় কোঠাৰ মাজত অৰ্থাৎ দ্বিতীয় খুটাযোৰৰ উত্তৰ ফালৰ খুটাটোৱেই নামঘৰৰ ঘাই খুটা। ইয়াকে শিৰৰ খুটা বা লাই খুটা বোলে। এই খুটাটোৰ গুৰিতেই গুৰুজনা বহিছিল বুলি জনা যায়। সেয়ে এই খুটাটোৰ গুৰিত ধৰ্মাধিকাৰ বা গুৰুস্থানীয় ব্যক্তিৰ বাদে আন সাধাৰণ মানুহ বহাতো সমীচীন নহয় বুলি কোৱা হয়। এনেয়েও অন্যান্য খুটাৰ ওচৰতো নাম প্ৰসঙ্গ বা কীৰ্তন পাঠ, ভাগৱত চৰ্চাৰ সময়ত অলসভাৱে আঁউজি বহাতো অনুচিত বুলি বিশ্বাস কৰা হয়। নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে-
.নামঘৰ বা কীৰ্তন ঘৰ,
.মণিকূট,
.ছোঁ ঘৰ
.বাটচ’ৰা।
নামঘৰৰ পূৱত মূল নামঘৰৰ গাতে লাগি থকা সৰু গৃহটিৰ নাম মণিকূট। কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মাণ কৰা হয। এই মণিকূটতে মহাপুৰুষ শংকৰদেৱে শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল বুলি গুৰুচৰিতৰ পৰা জনা যায়।
নামঘৰৰ পশ্চিমফালে সাধাৰণতে দক্ষিণ-পশ্চিম কোণত নামঘৰৰ কাষতে এটি ঘৰ সজা হয়। ইয়াক ছোঁ ঘৰ বোলে। ছোঁ ৰ অৰ্থ হৈছে মুখা। ভাওনাত ব্যৱহৃত বিভিন্ন ছোঁ বা মুখা, অস্ত্ৰ-শস্ত্ৰ, দৃশ্যসজ্জাৰ বস্ত্ত-বাহানি আদি এই ঘৰতে ৰখা হয় বাবে ইয়াক ছোঁঘৰ বোলা হয়।
নামঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে ৰাষ্টাৰ দাঁতিতে প্ৰৱেশ পথত এটি সৰু ঘৰ সজোৱা থাকে। এই ঘৰটিক বাটচ’ৰা বোলে।