এই যে আমাৰ মনটো হঠাত্ কেতিয়াবা অশান্ত হৈ পৰে। এই যে কেতিয়াবা কোনোবা এটা মুহূৰ্তত আমি নিজকে অকলশৰীয়া যেন অনুভৱ কৰোঁ।
আমাৰ চাৰিওকাষে হাজাৰ হাজাৰ মানুহ থকাৰ পিছতো সেই অকলশৰীয়া অনুভৱ কৰা সময়খিনিত আমি কাকোৱেই যে কাষত নাপাওঁ।
দিনটোৰ ব্যস্ততা সামৰি সন্ধিয়া বা নিশা অকণমান সময় নিজৰ সৈতে কটাবলৈ ললেই মনত পৰে বহু কথা। যি সকলে ঘৰৰ পৰা আতৰি বহু দূৰত
আছেহি মাত্ৰ দুটতা উপাৰ্জনৰ বাবে, যি প্ৰাপ্য অনুসৰি লাভ কৰা নাই মূল্য। তেওঁলোকৰ কাষত থাকিলে বুজিব কিমান কষ্ট, কিমান দুখ তেওঁলোকৰ মনত।
সেই সময়ত হয়তো কোনোবাই তেওঁৰ কি হৈছে সুধিলে চকুলো বৈ আহিব। অকলে নিজানত বহি থকাৰ সময়ত মন কৰিবচোন সেইজন ব্যক্তিক কোনোবাখিনিত
যেন বৰ কষ্ট পাইচে তেওঁ, নজনাকৈয়ে তেওঁৰ দুচকুত বৈ আহে চকুলো।