মানৱ সমাজক লজ্জিত কৰা এক ঘটনা। ঘটনাৰ স্থান তিতাবৰ। টাইকোৱাণ্ড শিকোৱাৰ চলেৰে কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তিতাবৰ দজাং টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষক আকবৰ আলিৰ বিৰুদ্ধে
উত্থাপিত হোৱা এই অবিযোগে অঞ্চলজুৰি সৃষ্টি কৰিছে জীব্ৰ চাঞ্চল্যৰ। তিতাবৰৰ সংবাদদাতা প্ৰকাশ বৰাই প্ৰেৰণ কৰা বাতৰি অনুসৰি আকবৰ আলি ঘৰ নতুন দিল্লীত বুলি জানিব পৰা গৈছে। তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত
এই ঘটনা সংঘটিত হৈছে। তিতাবৰ আৰক্ষীয়ে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা কৰায়ত্ত কৰে আলিক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত দজাং টাইকোৱাণ্ড একাডেমীয়ে বহু খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি
আহিছে কিন্তু প্ৰশিক্ষক আকবৰ আলিৰ এই কু-কাণ্ডই একাডেমীখনক লজ্জিত কৰা বুলি মত পোষণ কৰিছে স্থানীয় ৰাইজে।