গোলাপৰ বহু ৰং আছে, বিভিন্ন ৰঙী গোলাপৰ অৰ্থও বেলেগ বেলেগ৷ গোলাপ কেৱল এপাহ ধুনীয়া ফুলেই নহয়, যুগ যুগ ধৰি প্ৰেমৰ প্ৰতীক হৈ আহিছে গোলাপ। পিছে, জানেনে গোলাপৰ প্ৰতিটো ৰঙে ভিন্ন বাৰ্তা দিয়ে? গোলাপৰ প্ৰতিটো ৰঙৰ নিজস্ব অৰ্থ থাকে, যিয়ে প্ৰেম, বন্ধুত্ব, প্ৰশংসা, শক্তি আনকি দুখৰ দৰে অনুভৱ প্ৰকাশ কৰে। আহকচোন জানো ভিন্ন ৰঙৰ গোলাপে কি কি অৰ্থ বুজায়,
. ৰঙা গোলাপ- ৰঙা গোলাপে গভীৰ প্ৰেম আৰু মৰম প্ৰকাশ কৰে, আনহাতে পাতল ৰঙা গোলাপে আকৰ্ষণ আৰু মোহৰ ইংগিত দিয়ে।
. বগা গেলাপ- বগা গোলাপে প্ৰকৃত প্ৰেম, সন্মান আৰু আধ্যাত্মিকতাৰ ইংগিত দিয়ে। যদি আপুনি কাৰোবাৰ লগত নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ ওলাইছে, তেন্তে তেওঁক বগা গোলাপ দিয়ক।
. হালধীয়া গোলাপ- বগা গোলাপ বন্ধুত্ব, সুখ আৰু আনন্দৰ প্ৰতীক৷
. গুলপীয়া গোলাপ- গুলপীয়া গোলাপ হৈছে প্ৰশংসা, কৃতজ্ঞতা আৰু সহানুভূতিৰ প্ৰতীক৷