চলি আছে ক্ৰীড়াৰ সৰ্ববৃহৎ মহাকুম্ভ পেৰিছ অলিম্পিক। অলিম্পিক আৰম্ভ হোৱা দিন ধৰি ইটোৰ পিছত সিটো বিতৰ্কই এতিয়া এৰা নাই লগ। শেহতীয়াকৈ পেৰিছ অলিম্পিকত দুটা খবৰে এতিয়া ক্ৰীড়া মহলত সৃষ্টি কৰিছে বিভিন্ন প্ৰশ্নৰ। কিছুদিন পূৰ্বে জিনগতভাৱে পুৰুষ হোৱাৰ পিছতো মহিলাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ইমান খেলিফ। অলিম্পিকত পদক লাভ কৰে আলজেৰিয়াৰ বক্সাৰগৰাকীয়ে। পুৰুষৰ প্ৰতিযোগিতাত মহম্মদ আলালৌৱে ঘৰলৈ লৈ আহিছিল
পদক। আনহাতে মঙলবাৰে বিৰোধীৰ হৰুৱাই ফাইনেললৈ অৱতীৰ্ণ হৈছিল মল্লযুঁজাৰু ভিনেশ ফ’গাট। পদক নিশ্চিত কৰা ভাৰতীয় খেলুৱৈগৰাকীৰ ওপৰত মেচ আৰম্ভ হোৱাৰ পূৰ্বে মূৰত ভাঙি পৰিল আকাশ। পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণা ভিনেশ ফ’গাটক, ভিনেশ ফোগাটৰ ওজনক লৈ সৃষ্টি হৈছে এতিয়া বিবাদৰ।অত্যাধিক ওজন হোৱাৰ বাবে অযোগ্য ঘোষণা মল্লযুঁজাৰুগৰাকীক। নিৰ্ধাৰিত সীমাৰ প্ৰায় ১০০ গ্ৰাম অধিক ওজনৰ বাবে অযোগ্য ঘোষণা। শেহতীয়াকৈ পেৰিছ অলিম্পিকত সংঘটিত হোৱা এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। বিতৰ্কৰ সমান্তৰালকৈ এই দুটা বিশেষ ঘটনাই এতিয়া অলিম্পিকৰ পৰিস্থিতিক উত্থাপন কৰিছে বিভিন্ন প্ৰশ্নৰ।