সেউজীয়া শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী। আমাৰ দৈনিক খাদ্যৰ লগত কিছু পৰিমাণে হ’লেও সেউজীয়া শাক-পাচলি থকা অতি দৰকাৰ।
. সৰিয়হ শাক- সৰিয়হ তেলৰ দৰে সৰিয়হ শাকতো প্রচুৰ পৰিমাণে ভিটামিন আছে। শীতকালত এই শাক প্ৰচুৰ পোৱাও যায়। নিয়মিত এই শাক খালে ৰক্তত উপকাৰী কলেষ্টেৰল পৰিমাণ বাঢ়ে।
. পালেং শাক- এই শাকত আছে প্রচুৰ পৰিমাণে ভিটামিন এ, বি, চি, ই আৰু আয়ৰন। আৰু সেয়ে নিয়মিত পালেং শাক খালে ৰক্তত আয়ৰনৰ মাত্রা বৃদ্ধি পায়।
. কলমৌ শাক- হজমৰ সমস্যা বেছি থাকিলে এই শাক নোখোৱাই ভাল। অৱশ্যে পেট পৰিষ্কাৰ ৰখাত সহায় কৰে এই শাকে। ই শৰীৰত পানীৰ পৰিমাণ নিয়ন্ত্রণত ৰাখে৷
. ব্রাহ্মী শাক- এই শাক ভাজি বা আঞ্জা কৰি খালে আয়ুস বৃদ্ধি, স্মৃতি শক্তি বৃদ্ধি হয় বুলি কোৱা হয়। ইয়াৰ উপৰিও স্নায়বিক দুর্বলতা, ধাতু দুর্বলতা, ৰক্তপিত্ত আৰুকাহ আৰােগ্য হয়। এই শাক গৰুৰ ঘিউৰে ভাজি খালে বেছি উপকাৰ পােৱা যায়।