চুলি সৰিছে নেকি আপোনাৰো? অত্যাধিক চুলি সৰাৰ বাবহে চিন্তাত পৰিছে নেকি? তেন্তে এতিয়াৰে পৰা নকৰিব চিন্তা কাৰণ এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ এই সমস্যাৰ সমাধান লাভ কৰিব৷
১) চুলি সৰা বন্ধ কৰিবলৈ হ’লে জেতুকা পাত পিহি তাৰ লগত দৈ আৰু কণী মিহলাই গোটেই মূৰত লগাব। এঘণ্টামান পিচত ভাল আয়ুৰ্বেদিক শ্বেম্পুৰে ধুই পেলাব। সপ্তাহত দুদিনকৈ এনে কৰিলে আপোনাৰ চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ উজ্জ্বলতাও বৃদ্ধি পাব ।
২) জেতুকাৰ পাত চুলিৰ বাবে খুবেই উপকাৰী । চুলি সৰাৰ পৰা হাত সাৰিবলৈ হ’লে জেতুকা পাতৰ পিহি পেষ্টৰ লগত আমলখিৰ ৰস মিহলাই চুলিত ভালদৰে লগাব। এঘণ্টামান ৰাখি ভাল আয়ুৰ্বেদিক শ্বেম্পুৰে ধুই পেলাব ।
৩) বহুতৰে মূৰত উফি হোৱা দেখা যায়। উফি দূৰ কৰাবলৈ হ’লে জেতুকাপাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই চুলিত লগালে চুলিৰ বাবে ভাল৷
৪) জেতুকাপাতৰ ৰস ব্যৱহাৰ কৰি আমি ছাল-চুলিৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰো, আৰু ইয়াক সৌন্দৰ্যবৰ্ধক হিচাপেও ব্যৱহাৰ কৰিব পাৰো।