ডিজিটেল ডেস্কঃ এটা সময় আছিল, টিভিৰ পৰ্দাত তেওঁক দেখা লগে লগেই একাংশ বয়োজ্যেষ্ঠ লোকে সেৱা কৰিছিল৷ তেওঁ আন কোনো নহয়, ইতিহাস সৃষ্টিকাৰী হিন্দী চিৰিয়েল মহাভাৰতত কৃষ্ণ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা নিতীশ ভৰদ্বাজ৷ কিন্তু শেহতীয়াকৈ এই কৃষ্ণৰ সংসাৰলৈ নামি আহিছে অমানিশা৷ পত্নীৰ সৈতে ১২বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটিল অভিনেতাগৰাকীৰ৷ শেহতীয়াকৈ এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰি দুখ ব্যক্ত কৰে অভিনেতাগৰাকীয়ে৷
পত্মী স্মিতাৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্তক লৈ তেওঁ কয়- এয়া মোৰ বাবে মৃত্যুৰ সমানেই দুখজনক৷ যেতিয়া এই মৃত্যুয়ে নিসংগতাক আমন্ত্ৰণ কৰে৷ সেয়া যি কি নহলেও মই ২০১৭চনতে এই সিদ্ধান্তৰ বাবে সাজু হৈছিলো৷ উল্লেখ কৰা প্ৰয়োজন যে, বিগত দিনকেইটাত ইন্দোৰত পত্নী আৰু জীয়াৰীৰ সৈতে একেলগে আছে নীতিশ ভৰদ্বাজ৷ তেওঁ লগতে কয়- মই এতিয়াও কাৰন বিচাৰি পোৱা নাই যে, আমি বিচ্ছিন্ন কিয় হলো৷