কৰ্মস্থলীত বহি কাম কৰা লোকসকলে প্ৰায়ে কঁকালৰ তলৰ অংশৰ বিষৰ সমস্যাত ভোগে । ইয়াৰ এটা প্ৰধান কাৰণ হ’ল দীৰ্ঘসময়লৈকে একেটা অৱস্থাতে বহি থকা অৱস্থাত কাম কৰা । দ্বিতীয় কাৰণটো হ’ল বহাৰ ভুল ভংগীমা । যদিহে কাম কৰি থকা অৱস্থাত কঁকাল টানি ধৰা যেন অনুভৱ হয় তেতিয়া কি কৰিব জানি লওঁক,
.নিজৰ ঠাইত থিয় হৈ দুয়োখন হাত ডেস্কত ৰাখক৷ ভৰি দুখন অলপ পিছলৈ লৰচৰ কৰক ৷ এতিয়া উশাহ লওঁতে ডিঙিটো ওপৰলৈ তুলি কঁকালটো তললৈ হেঁচা মাৰি ধৰিব ৷
দুবাৰৰ পৰা তিনিবাৰ এই ষ্ট্ৰেচিং কৰিলে কঁকালৰ তলৰ অংশৰ বিষৰ কোনো সমস্যা নহয় আৰু যদি আছে তেন্তে ই আপোনাক যথেষ্ট সকাহ দিয়ে ৷
আনহাতে যদিহে আপোনাৰ শৰীৰৰ ওপৰৰ অংশ টানি ধৰা যেন লাগে তেতিয়া,
.ইয়াত বাওঁহাতখন সোঁহাতৰ আঁঠুত থৈ সোঁহাতখন মূৰৰ ওপৰলৈ লৈ বাওঁফালে বেঁকা হওক৷ এনেকৈ দুই তিনিবাৰ কৰিলেই ভাল পাব।