এবিধ অতি গুণসম্পন্ন ফল শিলিখা৷ সোৱাদত তিতা হোৱা হেতুকে বহুতে শিলিখা খাব নিবিচাৰে যদিও আন বহুতেই কিন্তু ইয়াক গ্ৰহণ কৰে। শিলিখাৰ বৈজ্ঞানিক নাম হৈছে টাৰমিনেলিয়া চিবেনা। বনৌষধি গছৰ ভিতৰত শিলিখা গছ অমৃতৰ দৰে। পিথে জানেনে শিলিখাৰ আছে বহুউপকাৰিতা, কি কি উপকাৰিতা গুণ আছে জানো আহক,
. শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।
. শিলিখা পিহি বা ৰান্ধি মৌৰ লগত গ্ৰহণ কৰিলে কাহ আৰু চৰ্দি ভাল হয়।
. ছালৰ বাবেও শিলিখা উপকাৰী। দৈনিক শিলিখা খালে ছাল মসৃণ হয়৷
. শিলিখাই আভোক ভাৱ দূৰ কৰে৷
. মাইগ্ৰেণৰ হ’লে শিলিখা গছৰ বাকলি অলপ গৰম কৰি পেষ্ট তৈয়াৰ কৰি কপালত ঘহিলে মাইগ্ৰেণৰ বিষ কমি যায়।
. ৫ গ্ৰাম শিলিখাৰ গুৰিত এচামুচ মৌ জোল মিহলাই দিনে ৩ বাৰকৈ মিশ্ৰণখিনি দুদিন খালে জ্বৰ শীঘ্ৰেই ভাল হয়।
. শিলিখা গছৰ বাকলিৰ পৰা ৰস উলিয়াই চকুৰ চাৰিওফালে সানিলে চকুৰ পৰা পানী ওলোৱা, চানি পৰা. চকুৰ বিষ আদি সমস্যাবোৰ দূৰ হ’ব।