আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ.পি.জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী। দেশৰ মহান মনিষীৰ ভিতৰত এগৰাকী অন্যতম প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম। তেখেতৰ চিন্তাবোৰ আজিও মানুহৰ বাবে অনুপ্ৰেৰণা হৈ আছে। যিসমূহ চিন্তাই আমাক সফলতাৰ বাট দেখুৱাই। এইসমূহ বাক্য আপুনিও মানি চলিবলৈ শিকক। দেখিব জীৱনৰ পৰিবৰ্তন আপুনি বিচৰা ধৰণেই হৈছে।
আহক জানো ড০ এ.পি.জে. আব্দুল কালামৰ এনে ১০ টা অনুপ্ৰেৰণাদায়ক চিন্তা-
১.এখন শ্রেষ্ঠ কিতাপ ১০০ জন ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু পুথিভঁৰালৰ সমান।
২. আপোনাৰ প্ৰথম বিজয়ৰ পিছত বিশ্রাম নল’ব, কিয়নো যদি আপুনি দ্বিতীয়বাৰত বিফল হয়, তেতিয়া অধিক লোকে এই কথা ক’বলৈ অপেক্ষা কৰি থাকিব যে- আপোনাৰ প্ৰথম বিজয় কেৱল ভাগ্যহে আছিল।
৩. আমাৰ সকলোৰে সমান প্রতিভা নাই। কিন্তু, আমাৰ সকলোৰে ওচৰত প্ৰতিভা বিকাশৰ সমান সুযোগ আছে।
৪. আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ পূর্বে আপুনি সপোন দেখিব লাগিব।
৫. যদি মোৰ সফল হোৱাৰ সংজ্ঞা যথেষ্ট শক্তিশালী হয়, তেন্তে বিফলতাই মোক কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে।
৬.মই এজন সুন্দৰ ব্যক্তি নহয়, কিন্তু সহায়ৰ প্ৰয়োজন হোৱা কাৰোবাক মই মোৰ হাত আগবঢ়াই দিব পাৰো। সৌন্দর্য হৃদয়ত আছে, মুখত নহয়।
৭. শ্ৰেণীকোঠাৰ অন্তিম বেঞ্চত ৰাষ্ট্ৰসমূহৰ সৰ্বশ্রেষ্ঠ মগজু পোৱা যাব পাৰে।
৮. আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু অভ্যাস সলনি কৰিব পাৰে আৰু নিশ্চিতভাৱে আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰিব।
৯. প্রশ্ন সোধাটোৱে হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সকলোতকৈ ভাল গুণ।
১০. আপোনাৰ সৰ্বশ্রেষ্ঠ শিক্ষকজন হৈছে আপোনাৰ শেষ ভুলটো।
গতিকে এইসমূহ নীতি মানিও আপুনি সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰে