সাধাৰণতে মানুহে পুৱা একাপ চাহৰ সৈতে নিজৰ দিনটোৰ আৰম্ভণি কৰে ৷ একে সময়তে একাংশ লোকে চাহৰ লগত বিস্কুট খাই ভাল পায় ৷ কেৱল এয়াই নহয়, কিছুসংখ্যক লোকে সন্ধিয়াৰ জলপান হিচাপে চাহৰ লগত বিস্কুট খাই ভাল পায় ৷ কিন্তু চাহৰ লগত বিস্কুট খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি আপুনি জানেনে?
. বিস্কুট ময়দা আৰু ৰিফাইন চেনিৰে তৈয়াৰ কৰা হয় যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এনে পৰিস্থিতিত চাহ-বিস্কুট খালে কোষ্ঠকাঠিন্য, বুকুৰ জ্বলা-পোৰা আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে ৷
. বিস্কুটত চেনি আৰু চেচুৰেটেড ফেট থাকে, যাৰ ফলত আপোনাৰ মেদবহুলতা আৰু ওজন বৃদ্ধি পাব পাৰে৷ গতিকে চাহ আৰু বিস্কুট খায় যদি একেলগে খায় তেন্তে আজিৰ পৰাই খোৱা বন্ধ কৰক ৷
. যিসকল ডায়েবেটিছ ৰোগী আছে তেওঁলোকে চাহ আৰু বিস্কুট খোৱাটো পৰিহাৰ কৰিব লাগে ৷ এই সংমিশ্ৰণ ডায়েবেটিছ ৰোগীৰ বাবে যথেষ্ট মাৰাত্মক হ’ব পাৰে৷ চাহৰ লগত বিস্কুট খালে ব্লাড চুগাৰ বৃদ্ধি পাব পাৰে ৷
. ৰক্তচাপৰ সমস্যা থকা লোকসকলেও চাহ আৰু বিস্কুট একেলগে খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ আচলতে বজাৰত উপলব্ধ কিছুমান বিস্কুটত অধিক পৰিমাণৰ নিমখ বা চেনি থাকে যিয়ে বি পি বৃদ্ধি কৰিব পাৰে ৷