ছুইজাৰলেণ্ডত আত্মহত্যা কৰিব পৰা মেচিন উদ্ভাৱন৷ ভাৰতৰ দৰে দেশত ইচ্ছামৃত্যুক এতিয়াও আইনী স্বীকৃতি প্রদান কৰা হোৱা নাই যদিও বিশ্বৰ কেইবাখনো দেশত গুৰুতৰ ৰোগত আক্রান্ত লোকক ইচ্ছামৃত্যুৰ অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত অন্যতম হ’ল ছুইজাৰলেণ্ড। ইউৰোপৰ এইখন দেশত শেহতীয়াকৈ উদ্ভাৱন কৰা হৈছে এবিধ এনে মেচিন যাৰ ভিতৰত সোমাই ছুইচ টিপিলেই মৃত্যুক আঁকোৱালি ল’ব পাৰি। ইয়াৰ বাবে কোনো ব্যক্তিয়ে ইচ্ছামৃত্যু বিচাৰিলে মেডিকেল প্ৰক্ৰিয়াৰ মাজেৰে যাব নালাগে। ছার্কো নামৰ এই বিশেষ যন্ত্রটো এটা কেপচুল আকৃতিৰ। ২০১৯ চনতে তৈয়াৰ কৰা এই কেপচুলটো ব্যৱহাৰৰ বাবে এতিয়াহে অনুমতি দিয়া হৈছে। ইচ্ছামৃত্যু বিচৰা লোকে মেচিনটোৰ ভিতৰত সোমাই ছুইচ টিপিলেই তাৰ ভিতৰত থকা অক্সিজেন বাহিৰ হৈ যায় আৰু ভিতৰত নাইট্ৰ’জেন প্ৰৱেশ কৰে। লগে লগে ভিতৰত থকা মানুহজনৰ মৃত্যু হয়। এই যন্ত্ৰটো ব্যৱহাৰৰ বাবে এবাৰত ভাৰতীয় মূল্যত ১,৭০০ টকা দিব লাগে।