ডিজিটেল ডেস্কঃ অৱশেষত ক্ৰিকেটৰ সকলো ফৰমেটৰ কেপ্তেইনশ্বিপ এৰিলে হিটমেন বিৰাট ক’হলীয়ে। প্ৰথমে এদিনীয়া, তাৰ পিছত টি-২০ আৰু অৱশেষত ১৫জানুৱাৰীত টেষ্ট-মেচৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’লে বিৰাট ক’হলীয়ে। ছচিয়েল মিডিয়াযোগে কোটি কোটি অনুৰাগীলৈ অতি দুখেৰে বিৰাটে এৰিলে এই বাৰ্তা। এই বাৰ্তাত ক’হলীয়ে লিখিছে- প্ৰায় ৭বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছিলো। নিজক আৰু দলক সৰ্বতো প্ৰকাৰে শিখৰত ৰাখিবলৈ সকলো যত্ন কৰিছিলো। আৰু অৱশেষত এই যাত্ৰাৰ পৰা কিছু অৱসৰ বিচাৰিছো।
বি চি চি আইক ধন্যবাদ দি বিৰাটে লগতে লিখিছে- এই গধুৰ দায়িত্ব পালন কৰিবলৈ সুযোগ দিয়াৰ বাবে বি চি চি আইৰ ওপৰত মই কৃতজ্ঞ। দীৰ্ঘসময়ৰ এই যাত্ৰা মোৰ জীৱনকালৰ অতিকৈ মধুৰতম সময়। এই সময়খিনিক মই সদায়ে মনত ৰাখিম। এই ছেগতে মই মহেন্দ্ৰ সিং ধোনীক হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ মোৰ মাজত সেইসময়ত ইমানখিনি সক্ষমতা দেখা পোৱাৰ বাবে। মোৰ বাবে তেওঁ সদায়েই বিশেষ।’
বিৰাটৰ এই আৱেগিক পোষ্টতো পঢ়ি এতিয়া সকলো অনুৰাগী হৈ পৰিছে আৱেগিক…