আজি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ মাজত বিবাহপাশত আবদ্ধ হোৱাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শীৰ্ষ চেলিব্ৰিটি আৰু ব্যক্তিত্বই গ্ৰেণ্ড ৱেডিং গালাত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ উৰা মাৰিছে। আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হৈ নিশা ৮ বজাত ভাৰ্মালা অনুষ্ঠান অনুষ্ঠিত কৰি নিশা ৯:৩০ বজাত ফেৰাৰ আয়োজন কৰা হ’ব। অনন্ত আম্বানী ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ মূল্য ৫০০০ কোটি, আম্বানী পৰিয়ালৰ সম্পত্তিৰ মাত্ৰ ০.০৫%। বিবাহ অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰাক বিমানবন্দৰৰ বাহিৰত স্বামী তথা গায়ক নিক জ’নাছৰ সৈতে দেখা গৈছিল। বিশ্বব্যাপী চেলিব্ৰিটিৰ উপৰিও বলীউডৰ চেলিব্ৰিটি আৰু ক্ৰিকেট কিংবদন্তিও অতিথি তালিকাৰ অংশ। বিয়াৰ বাবে উপস্থিত হৈছে শ্বাহৰুখ খান, আৰু শচীন টেণ্ডুলকাৰ, প্ৰবীণ অভিনেতা অমিতাভ বচ্চন আৰু আমিৰ খান। লগতে উপস্থিত থাকিব ঐশ্বৰ্য ৰায়-বচ্চন, জাহ্নৱী কাপুৰ আৰু চাৰা আলী খান৷ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়াল, অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ পাটনা বিমানবন্দৰৰ পৰা মুম্বাইলৈ ৰাওনা হোৱা দেখা গৈছিল৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুকে ধৰি বহুকেইজন প্ৰভাৱশালী ৰাজনীতিবিদ আৰু চলচ্চিত্ৰ জগতৰ চিনাকী মুখ।