২০১১ চনৰ পাছত ভাৰতীয় পুৰুষ ক্ৰিকেট দল পুনৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ দল হৈ পৰিল। সেইবাৰ বিশ্বকাপত ৫০ অভাৰত জয়লাভ কৰিছিল, এইবাৰ টি-২০। বিশ্বকাপ জয় কৰাৰ পাছত ভাৰতীয় দলটোৱে ঘৰলৈ উভতি আহি মুম্বাইত ‘বিজয় পেৰেড’ অনুষ্ঠিত কৰে। অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত কেইবাগৰাকী অতিথিৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে। সেই অনুষ্ঠানৰ মঞ্চত ৰোহিতক সম্বোধন কৰি কান্দি উঠিল নীতা আম্বানীয়ে। তেওঁ বুজাই দিলে যে সমগ্ৰ ভাৰতীয় দলটোৱে কেনেকৈ সমগ্ৰ দেশলৈ আনন্দ কঢ়িয়াই আনিলে। ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আনন্দিত নীতা আম্বানী। সকলোৰে বাবে এয়া যেন এক আৱেগিক সময়, সমগ্ৰ ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি টিম ইণ্ডিয়া জিলিকি উঠিল সমগ্ৰ বিশ্বত।