1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:49 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা?

  • Update Time : Friday, June 28, 2024

কিছুদিন পূৰ্বে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাটছ উইলম’ৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। খবৰ অনুসৰি, ভাৰতৰ সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহকৰ্মীসকল এতিয়া মহাকাশতেই আৱদ্ধ হৈ পৰিছে। বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ আৰম্ভণিৰে পৰাই নিজৰ অংশৰ সমস্যা আছিল। এতিয়া পুনৰ এই দুই মহাকাশচাৰীয়ে সমস্যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ পৰিব লগা হৈছে। কিছুদিন আগতে এই বিমানখন মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল; কিন্তু অভিযানৰ বিফলতাৰ বাবে বৰ্তমান ই পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই। ২৬ জুনত এই ক্ৰাফ্টখন ঘূৰি অহাৰ সম্ভাৱনা আছিল; কিন্তু তেওঁলোকৰ আগমন নোহোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে দুগৰাকী মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু আমেৰিকাৰ নৌসেনাৰ পৰীক্ষামূলক পাইলট বাটছ উইলম’ৰ। এতিয়া আহোঁ মূল কথালৈ,

যদিহে অভিযান বাতিল হয় তেন্তে কি হ’ব?
যদি মহাকাশযানখনে মহাকাশচাৰীসকলক পৃথিৱীলৈ ঘূৰাই আনিব নোৱাৰে তেন্তে স্পেচএক্সৰ ক্ৰু ড্ৰেগনৰ জৰিয়তে তেওঁলোকক পৃথিৱীলৈ ঘূৰাই পঠোৱাৰ বিকল্প আছে। মাৰ্চ মাহত ক্ৰু ড্ৰেগনে চাৰিজন মহাকাশচাৰীক ষ্টেচনলৈ প্ৰেৰণ কৰিছিল। জৰুৰীকালীন অৱস্থাত সেই ক্ৰাফ্টত অধিক লোকক ৰখাব পৰা যায়। যদিহে মহাকাশচাৰীক ঘূৰাই আনিবলৈ স্পেচএক্সক নিযুক্তি দিয়া হয়, তেন্তে বয়িঙৰ বাবে ই লজ্জাজনক হ’ব; কিন্তু নাছা আৰু বয়িঙৰ বিষয়া আৰু অভিযন্তাসকলৰ মতে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে সময় নাহে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme