1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:29 am

ওজন কমাবলৈ ৰাতিৰ আহাৰ নোখোৱাকৈ থকাটো ভাল নে বেয়া?

  • Update Time : Thursday, June 20, 2024

বহুতে ওজন কমাবলৈ ডায়েটিঙৰ আশ্ৰয় লয়, কিন্তু চিন্তা নকৰাকৈ যিকোনো খাদ্য বা আহাৰ গ্ৰহণ কৰাটো বুদ্ধিমানৰ কাম নহয়। বহুতে অনাহাৰক পেট আৰু কঁকালৰ চৰ্বি কমোৱাৰ একমাত্ৰ সমাধান বুলি গণ্য কৰে। ইয়াৰ বাবে তেওঁলোকে ৰাতিৰ আহাৰ এৰি দিয়ে, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত তেনে কৰাটো সঠিক নেকি? ৰাতি আহাৰ এৰি দিলে আপোনাৰ ভাল হোৱাৰ সলনি বহু ক্ষেত্ৰত বেয়া হ’ব পাৰে৷
১) যদি আপুনি ৰাতিৰ আহাৰ নাখায় তেন্তে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হব পাৰে, যাৰ ফলত খিঙখিঙিয়া হৈ পৰিব পাৰে৷
২) ৰাতিৰ আহাৰ এৰি দিলে ই শৰীৰৰ বিপাকীয় হাৰ লেহেমীয়া কৰিব পাৰে। ইয়াৰ ফলত হয় ওজন বৃদ্ধি পাব, নহয় ওজন কমাবলৈ কঠিন হ’ব।
৩) ৰাতি খাদ্য নোখোৱাৰ বাবে আপোনাৰ মগজুৰ কাৰ্য্যত বহুত বেয়া প্ৰভাৱ পৰে, ইয়াত আপোনাৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত আপুনি হতাশাৰ বলি হ’ব পাৰে।
৪) কেৱল ৰাতিৰ আহাৰেই নহয় যিকোনো খাদ্য এৰিলে আপোনাৰ শৰীৰৰ ক্ষতি হ’ব পাৰে, যদি আপুনি নিয়মিতভাৱে এই কাম কৰে তেন্তে শৰীৰত দুৰ্বলতা আহিবলৈ আৰম্ভ কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme