ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় মণিপুৰত। প্ৰায় ৪৮০০কোটিটকীয়া ২২টা প্ৰকল্পৰ শিলান্যাস কৰি তেওঁ ইম্ফলত সম্বোধন কৰে এখন জনসভা।
জনসভা সম্বোধন কৰি তেওঁ কয়- মই আকাশী পথেৰে আহিছিলো আৰু দেখিছিলো যে ৮কিঃমিঃ দীঘলীয়া মানুহৰ শাৰী। এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো। আজিৰে পৰা কিছুদিনৰ পিছত ২১জানুৱাৰীত মণিপুৰে ৰাজ্যৰ মৰ্যদা পোৱা ৫০বছৰ পূৰ্ণ হ’ব। এয়া সচাকৈয়ে প্ৰেৰণাদায়ক কথা।
তেওঁ লগতে কয়- মণিপুৰত আজি ৬০শতাংশ ঘৰলৈ গৈছে পানীৰ পাইপ। অতি সোনকালেই ১০০শতাংশ ঘৰলৈ যাব পানীৰ পাইপ। এয়াই হৈছে ডবল ইঞ্জিনৰ শক্তি। আজি শিলান্যাস হোৱা প্ৰকল্পৰ বাবে মই মণিপুৰবাসীৰ ওচৰত সদায়েই কৃতজ্ঞ।