1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:36 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

পুনৰ অশান্ত জম্মু আৰু কাশ্মীৰ, কূটাঘাতৰ আশংকা কাশ্মীৰত

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে সমগ্ৰতে তালিবানীৰাজৰ বৰ্বৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। তালিবানে আফগানিস্তানত তালিবানীৰাজক লৈ ৰাষ্ট্ৰসংঘইয়ো নিজা মতামত আগবঢ়াইছিল লগতে বিশ্বৰ সকলো দেশকে আফগানিস্তানৰ সপক্ষে থিয় হোৱাৰ আহ্বান জনাইছিল। সন্ত্ৰাসবাদক আৰু অধিক শিঁপাবলৈ দিব নোৱাৰি বুলিও প্ৰায়সমূহ দেশেই আফগানিস্তানৰ পক্ষত থিয় দিয়ে। তালিবানে আফগানিস্তান দখল কৰাৰ প্ৰায় ৩ মাহ সম্পূৰ্ণ হৈছে। এই ঘটনাৰ পিছতেই ভাৰতবৰ্ষত অন্য এটা বিষয়হে এতিয়া লক্ষ্যণীয় হৈছে কিয়নো জম্মু আৰু কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনী আৰু অসামৰিক লোকৰ হত্যা আৰু উগ্ৰপন্থীৰ সৈতে অসামৰিক লোকৰ হতাহতিৰ ঘটনাও অস্বাভাৱিক হাৰত বৃ্দ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি, ১৫ আগষ্টৰ পৰা অক্টোবৰৰ শেষলৈকে, জম্মু-কাশ্মীৰত ১৬ জন নিৰাপত্তাৰক্ষী আৰু ১৫ জন সাধাৰণ লোকে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছিল। একে সময়তে, কিছুমান শীৰ্ষ উগ্ৰপন্থী কমাণ্ডাৰসহ ৩৯ জন উগ্ৰপন্থীও এনকাউণ্টাৰত নিহত হৈছিল।
ইয়াৰ পিছতেই অক্টোবৰত ১২ জন নিৰাপত্তাৰক্ষী, ২০ জন উগ্ৰপন্থী আৰু ১২ জন সাধাৰণ লোক নিহত হৈছিল। আনহাতে ছেপ্টেম্বৰত তিনিজন নিৰাপত্তাৰক্ষী, আঠজন উগ্ৰপন্থী আৰু এজন অসামৰিক লোক নিহত হৈছিল। ১৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে ১৫ দিনৰ সময়ছোৱাত এজন নিৰাপত্তাৰক্ষী, ১১ জন উগ্ৰপন্থী আৰু দুজন সাধাৰণ লোক নিহত হৈছিল। নিৰাপত্তাৰক্ষীসকলে প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যাত প্ৰকাশ পাইছে যে, প্ৰব্ৰজনকাৰী বহুক্ইজন শ্ৰমিকক হত্যা কৰাৰ ফলত অস্থানীয় বহুকেইজন শ্ৰমিকে জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰস্থান কৰিছে। এই সমগ্ৰ ঘটনাটোক একাংশই উগ্ৰপন্থীসকলৰ কৌশল বুলিও সন্দেহ প্ৰকাশ কৰিছে।

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ডিজিপি কুলদীপ খোদাই কয় যে, পাকিস্তানৰ ৰণনীতি হৈছে কাশ্মীৰত উগ্ৰবাদ প্ৰতিষ্ঠা কৰা। তেওঁলোক এতিয়া আফগানিস্তানৰ পৰা মুক্ত গতিকে ভাৰতক তেওঁলোকে লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা প্ৰকট। “তেওঁলোকৰ প্ৰথম কাম হৈছে এটা বাৰ্তা প্ৰেৰণ কৰা যে তেওঁলোকে বাহিৰৰ লোকসকলক কাশ্মীৰত আহি বসতি স্থাপন কৰিবলৈ নিদিব। সেয়েহে লক্ষ্য কাশ্মীৰ আৰু জম্মুত হত্যালীলা আৰম্ভ কৰিছে। অক্টোবৰ মাহতে সন্ত্ৰাসবাদীসকলে পাঁচজন প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা কৰাৰ কথা উল্লেখ কৰি খোদাই এনেদৰে কয়। খোদাৰ মতে, পাকিস্তানে এতিয়া যুদ্ধ কঠোৰ আৰু সুপ্ৰশিক্ষিত উগ্ৰপন্থীসকলক জম্মু আৰু কাশ্মীৰলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme