ডিজিটেল ডেস্কঃ দেশবাসীয়ে উলহ-মালহেৰে আদৰিলে ২০২২ক। চাৰিওফালে আনন্দ, স্ফূৰ্তি-তামাচা, কিন্তু এই আনন্দৰ সমান্তৰালভাৱে দেশৰ বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা। পহিলা দিনটোত দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৩১। শুকুৰবাৰ অথাত ৩১ ডিচেম্বৰত দেশত আক্ৰান্তৰ বৃদ্ধিৰ হাৰ ৩২শতাংশ।
সমগ্ৰ দেশৰ ভিতৰতে অমিক্ৰনত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ৪৫৪গৰাকী লোক এতিয়ালৈকে আক্ৰান্ত হৈছে অমিক্ৰনত। ইয়াৰ পিছতে আছে দিল্লী। দিল্লীত ৩৫১ লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে। অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই কেন্দ্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ অৱকাশো নথকা নহয়।