1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 11, 2025, 12:56 am

অসমৰ এইকেইটা বিধানসভা সমষ্টিত হ’ব উপ-নিৰ্বাচন

  • Update Time : Tuesday, June 4, 2024

আজি ঘোষণা কৰা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। অসমৰ ১৪টা সংসদীয় সমষ্টিত ইতিমধ্যেই ১১টা সমষ্টি জয় নিশ্চিত হৈছে বিজেপি মিত্ৰজোঁটৰ। আনহাতে ৩খন আসনত জয়ৰ দিশে কংগ্ৰেছ দল। ধুবুৰী, যোৰহাট আৰু নগাওঁ লোকসভা সমষ্টিত জয়ৰ কংগ্ৰেছ দল। আনহাতে ইয়াৰ মাজতে চৰ্চা চলিছে আচলতে কোনকেইটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। অসমৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। অসম বিধানসভাৰ উপ-নিৰ্বাচন হ’ব লগীয়া সমষ্টি কেইটা হৈছে-
১/ চামগুৰি
চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন‌ বৰ্তমান ধুবুৰীৰ সাংসদ
২/ বিহালী
বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত সাংসদ হ’ল শোণিতপুৰ লোকসভা সমষ্টিৰ।
৩/ বঙাইগাঁও
বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী সাংসদ হ’ল বৰপেটা লোকসভাৰ।
৪/ ধলাই
ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্য সাংসদ হ’ল শিলচৰ লোকসভা সমষ্টিৰ।

ইফালে খালী হ’ল দুখন‌ ৰাজ্যসভাৰ আসনো। সৰ্বানন্দ সোণোৱাল‌ আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভা নিৰ্বাচনত জয় লাভ কৰাৰ পাছতে খালী হৈ পৰে আসন দুখন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme