1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 7:10 pm
Trending:
আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায়

২০২১ বৰ্ষৰ হাঁহি উঠা ঘটনাসমূহ কি কি আছিল জানেনে?

  • Update Time : Thursday, December 30, 2021

ডিজিটেল ডেস্কঃ মাজতনো আৰু কিমান সময়! এটা দিনৰ পিছতেই মেলানি মাগিব ২০২১ বছৰটোৱে। বৰ্ষটো আমাৰ মনত ৰৈ যাব মাথো পোৱা নোপোৱাৰ খাতিয়ান সামৰা এখিলা স্মৃতি হৈ। বছৰটোৰ শেষ সময়খিনিত আমি সকলোৱে ৰোমন্থন কৰিছো কেনেকৈনো পাৰ হ’ল বছৰটো। ভাল-বেয়াৰ হিচাপৰ মাজতেই এটা কথা সমগ্ৰতে চৰ্চা হৈছে সেয়া হৈছে এই বছৰটোত সৰ্বাধিক ধেমেলীয়া কথা বা কাহিনী। ২০২১ বৰ্ষত দেশ-বিদেশত চলা আকৰ্ষণীয় কাহিনীসমূহৰ ভিতৰত বিশেষভাৱে চৰ্চাত থকা বিশেষ কেইটামান কাহিনী।

হাঁহি উঠা কাহিনীৰ ভিতৰত প্ৰথম স্থানত আছে কৰ’না সম্পৰ্কীয় এটা বিষয়। দুবছৰ ধৰি কাঁহী-বাটি বজোৱাকে ধৰি বহু উপায় গ্ৰহণ কৰা হ’ল কিন্তু কৰ’না নগল। দুবছৰে দেশত অব্যাহত কৰ’নাৰ সংহাৰী ৰূপ। কৰ’নাৰ সংক্ৰমণৰ মাজতেই অন্ধ্ৰ প্ৰদেশৰ এজন ব্যক্তিয়ে কৰ’নাক খেদিবলৈ লৈছিল বিশেষ পদক্ষেপ। কৰ’না আৰু কভিড-১৯ এই দুয়োটা শব্দৰে বানান দুটা সলাই দিলেই এই ৰোগটো আঁতৰি যাব বুলি দাবী লোকজনৰ। কৰ’না শব্দটোৰ লগত এটা ‘এ’ আৰু কভিড-১৯ শব্দটোৰ লগত এটা ‘ভি’ যোগ দিলেই বেমাৰটো দুৰ হ’ব বুলি অদ্ভুত বাখ্যা দাঙি ধৰিছিল।

দ্বিতীয় ভাইৰেল জমনিটো আছিল টকাক লৈ। আমি সদায়ে টকা গণনা কৰো। দৰমহা যদি হাতে হাতে পাওঁ তেন্তে হিচাপ কৰিহে গ্ৰহণ কৰো। কিন্তু জৰ্জিয়াৰ এজন ব্যক্তিয়ে টকাৰ হিঁচাপ কৰিবলৈ গৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ’ল। টকা কেনেকৈ গণনা কৰিব লাগে ব্যক্তিগৰাকীয়ে নাজানে যাৰ বাবে তেওঁ চাকৰি এৰিবলৈ বাধ্য হ’ল। তেওঁক দৰমহাত ৯১৫ ডলাৰ পৰিশোধ কৰিছিল কৰ্মৰত প্ৰতিষ্ঠানটোৱে। তেওঁ চাকৰি কালত ইমান বেছি খুচুৰা পইচা কাহানিও নেদেখাৰ বাবেই এই টকাখিনি হিচাপ কৰাত অসুবিধা হৈছিল যাৰবাবে তেওঁ কৰ্মৰ পৰাই স্বইচ্ছাৰে অৱসৰ গ্ৰহণ কৰে।

তৃতীয় হাঁহি উঠা কথাটো আছিল গুগল মেপৰ। আমি সকলোৱে এতিয়া গুগল মেপ ব্যৱহাৰত অভ্যস্ত। কোনোবা অচিনাকী ঠাইলৈ যাত্ৰা কৰিলে আমি গুগল মেপতেই ৰাস্তাৰ সবিশেষ সন্ধান কৰো। এই গুগল মেপত ৰাস্তাৰ সন্ধান কৰি বিপদত পৰিছিল এজন ইণ্ডোনেছিয়াৰ যুৱকে। নিজৰ বিয়াৰ কইনা আনিবলৈ যাওঁতে গুগল মেপ ব্যৱহাৰ কৰি অন্য বিবাহ বাহৰত প্ৰৱেশ কৰে যুৱকজনে। যুৱকজনে কইনা নিবলৈ অহা বুলি দাবী কৰাত উপস্থিত অন্যগৰাকী দৰা হতবাক হৈ পৰে। ইফালে দৰাৰ বাবে অপেক্ষা কৰি ভাগৰি পৰে কইনাৰ ঘৰৰ লোকসকল।

চতুৰ্থ হাঁহি উঠা ঘটনাটো বিশ্ব পৰিবেশ দিৱসৰ। ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ। পৰিবেশ দিৱসৰ দিনটোত আমাৰ প্ৰায়সংখ্যকেই এজোপাকৈ হ’লেও গছপুলি ৰোপন কৰো। বহুতে পৰিবেশ সজাগতামূলক অন্য কিছু কৰ্মও হাতত লয়। এি পৰিবেশ দিৱস পালন কৰিবলৈ গৈয়ে হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হ’ল কেইজনমান যুৱক। পৰিবেশ দিৱসৰ দিনটোতে যুৱকে ৰোপন কৰিলে এজোপা গাঞ্জা গছ। কেৱল ৰোপন কৰাই নহয় গছজোপাৰ সৈতে ফটো তুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ফটোখন ভাইৰেল হৈ পৰাৰ পিছত আবকাৰী বিভাগৰ দলটোৱে গছজোপা উভালি নিয়াৰ লগতে যুৱককো আটক কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme