লাখ লাখ টকা উপাৰ্জন কৰিব বিচাৰিছে নেকি আপুনিও? অতি সহজ পদ্ধতিৰে আপুনিও এতিয়াৰে পৰা কৰিব পাৰিব লাখ টকা উপাৰ্জন।
টকা কাক নালাগে তাতে আকৌ সহজ পদ্ধতিৰে উপাৰ্জন কৰিব পাৰিলেটো ভালেই কথা নে কি কয়? অসমত বৰ্তমান youtuber ৰ সংখ্যা
যিমানহে হিচাপ কৰিও শেষ নহ’ব। প্ৰতিজন youtuber বুলি কলেও হয়তো ভুল নহ’ব। কিয়নো বৰ্তমান দেখা যায় যে প্ৰায় প্ৰতিগৰাকী
youtuberয়ে ভিডিঅ’ৰ মাজত বিভিন্ন গেমৰ Advertisement দিয়ে যে এই গেমটো খেলিলে আপুনি কৰিব পাৰিব লাখ টকা উপাৰ্জন।
আৰু তেওঁলোকৰ কথা মতেই বহুলোকেই হয়তো সেই গেমসমূহ খেলিবলৈ ইচ্ছা কৰে বা গেম সমূহৰ এপ সমূহ ডাউনল’ড কৰে। কিন্তু সাৱধান,
এনেধৰণৰ গেমৰ এপ উত্তৰ পূৰ্বাঞ্চলত নিষিদ্ধ হৈ আছে। সেইহেতুকে, আপুনি যদি youtuberৰ কথা মতে কোনোধৰণৰ গেমিং এপ ডাউনল’ড কৰিছে
বা গেম খেলিবলৈ ইচ্ছা কৰিছে তেন্তে হওঁক সাৱধান। মনত ৰাখিব কোনো youtuberয়েও কিন্তু এই সমূহ এপৰ দ্ধাৰা কোনো টকা উপাৰ্জন নকৰে।
গতিকে সহজ উপায়েৰে টকা ঘটাৰ লোভত যাতে বিপদ চপাই নলয়।