1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:05 am

বাক্সাৰ শালবাৰীত উদযাপন কৰা হয় বড়ো মাধ্যম দিৱস

  • Update Time : Saturday, May 18, 2024

বাক্সা জিলাৰ শালবাৰীত আজি শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সাৰ সংবাদদাতা গোলাপ নাথে যুগুতোৱা তথ্য অনুসৰি বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন,স্মৃতি তৰ্পন, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পন আদি ভিন্ন কাৰ্যসূচী হাতত লয় উদযাপন সমিতিয়ে। পতাকা উত্তোলন কৰে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে। ইয়াৰ পিছতেই স্মৃতি তৰ্পন ,বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ সভাপিত উমেশ দৈমাৰীয়ে। শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক বিক্ৰম বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জগত চন্দ্র বসুমতাৰী, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ কেনেডি ৰামচিয়াৰীকে ধৰি কেবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ- ছাত্ৰী আৰু শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা সকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা পৰিলক্ষিত হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme