এক কৰুণ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ কোটাত। বিয়া খাবলৈ সন্তানক লগত লৈ ওলাই গৈছিল পিতৃ-মাতৃ। কিন্তু বিয়াঘৰ পাওঁতেই সন্তানক বিয়াঘৰলৈ নিয়াৰ বিপৰীতে গাড়ীৰ ভিতৰতে গ্লাছ মাৰি থৈ যায় সন্তানক। বহু সময় বিয়াঘৰত কটোৱাৰ পিছতে পিতৃ-মাতৃ ঘূৰি আহে গাড়ীখনলৈ। কিন্তু তেতিয়ালৈ যে বহু দেৰি হৈ গৈছিল। যাৰ ফলত সংঘটিত হয় ভয়ংকৰ ঘটনা। গাড়ীত অচেতন অৱস্থাত উদ্ধাৰ হয় শিশুটি। চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। গাড়ীত শ্বাসৰুদ্ধ হৈ ৩ বছৰীয়া শিশুটিৰ কৰুণ মৃত্যু হয়।