1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:37 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

মেধা,প্ৰতিভাৰে উজ্বলিছে খনিকৰ গাঁৱৰ এথেনা

  • Update Time : Sunday, May 12, 2024

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতীয়া ।
উশ্বু, কিক বস্কিং আৰু কুংফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমগুৰিৰ সংবাদদাতা ৱাকিল আহমেদে প্ৰেৰণ কৰা বাতৰি অনুসৰি
নামতিৰ চাৰিআলি খনিকৰ গাঁৱৰ নিপেন চেতিয়াৰ কন্যা এথেনাই ৫ বছৰ বয়সৰ পৰাই ক্ৰীড়াৰ সৈতে জড়িত। পিতৃৰ পদাংক অনুসৰণ কৰি এথেনাই লাভ কৰিছে ইটোৰ পিছত সিটো সাফল্য। ক্ৰীড়াৰ সমান্তৰালভাৱে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে এথেনা। উল্লেখ্য যে এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত গ’ল্ড মডেল, ২০১৬ চনত কিক বস্কিংত গ’ল্ড মেডেলৰ অৰ্জন কৰাৰ লগতে ২০১৭ চনত ধাৰাবাহিকভাৱে তিনিবাৰকৈ গ’ল্ড মডেল লাভ কৰিবলৈ সক্ষম হৈছে।ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা এথেনা চেতিয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ আশা পুহি ৰাখিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme