ধূমপান বা চিগাৰেটৰ বদ অভ্যাসত অভ্যস্ত নেকি আপুনি? কেনেকৈ এৰিব চিগাৰেটৰ বদ অভ্যাস? মানুহে জানি শুনি কিছুমান ভুল কাম কৰে। তাৰ এটা উদাহৰণ হৈছে চিগাৰেট সেৱন কৰা।
চিগাৰেট খোৱাৰ নামত আপুনি গোটাই লৈছে নেকি কেঞ্চাৰ! জানি বুজিও এটা মাৰাত্মক ৰোগ গোটাই লয় মানুহে। আমি সকলোৱে জানো যে এইসমূহ সেৱন কৰিলে বা পান কৰিলে আমাৰ
স্বাস্থ্যৰ অনিষ্ট হয় আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক বেমাৰ হব পাৰে। চিগাৰেটে আমাৰ স্বাস্থ্যৰ কিমান ক্ষতি কৰে সেয়া সকলোৱে জানে। কিন্তু তথাপিও কিছুমান মানুহে চিগাৰেটৰ পিছত লগাটো
এৰি নিদিয়ে। চিগাৰেট খোৱাৰ প্ৰতি আসক্ত হোৱাটো অতি সহজ যদিও ইয়াৰ পৰা মুক্তি পোৱাটোও সমানেই কঠিন। চিগাৰেট সেৱনে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ৷
আপুনি চিগাৰেট কেনেকৈ এৰিব জানি লওঁক-
১. যদি আপুনি দিনটোত ৪ বা ৫টা চিগাৰেট খায় আৰু ধূমপান কৰাৰ অভ্যাস আছে, তেন্তে আপুনি নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীৰ দ্বাৰা চিগাৰেট খোৱাৰ অভ্যাস কমাব পাৰে৷
২. চিগাৰেটৰ অভ্যাস এৰিবলৈ বহুতো ৰিহাব কেম্প আছে, যাৰ সহায় ল’ব পাৰি।
৩. যেতিয়াই আপোনাৰ ধূমপানৰ প্ৰবল ইচ্ছা হয়, তাৰ পৰিৱৰ্তে আপুনি আপোনাৰ প্ৰিয় কামটো কৰিবলৈ আৰম্ভ কৰে। আপুনি ভালপোৱা গান শুনক, নাচক যিকিনো কাম কৰক এনেদৰে থাকিলে
চিগাৰেট এৰিব পাৰিব৷
৪. আপোনাৰ যদি চিগাৰেট খাবলৈ মন যায় তেন্তে সেই সময়ত চিগাৰেটৰ সলনি আপুনি মিঠাই খাওঁক, বা অন্য ভাল বস্তু খাওঁক৷